চিলাপথাৰ জোনাকী নগৰ আৰু মিছিংগাঁৱৰ আশাকৰ্মী নিযুক্তি সন্দৰ্ভত দীৰ্ঘদিন ধৰি টনাআজোৰা চলি আহিছে। পূৰ্বৰ আশাকৰ্মী মিনতি দাসে অৱসৰ গ্ৰহণ কৰাৰ পিছত তিনিগৰাকী প্ৰাৰ্থীয়ে আশাকৰ্মী পদৰ বাবে আবেদন জনাইছিল। সেইক্ষেত্ৰত গাঁও অনাময় সমিতিয়ে চক্ৰান্ত কৰি নিৰ্দিষ্ট এলেকাৰ বাহিৰৰ এগৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ষড়যন্ত্ৰ কৰে । সেই কথাত জাঙুৰ খাই উঠে স্থানীয় ৰাইজ।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে প্ৰায় এবছৰ ধৰি আশাকৰ্মী নিযুক্তিৰ ক্ষেত্ৰত চলি আহিছে টনাআজোৰা । সেই সন্দৰ্ভত আজি চিলাপথাৰৰ গৰু বজাৰৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা। ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ জিলা বিষয়া, চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা বিষয়া, চিচিবৰগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ বিষয়া, ৱাৰ্ড কমিশ্যনাৰ, গাওঁবুঢ়া আদিকে ধৰি অঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত কৰা ৰাজহুৱা সভাই আশাকৰ্মী নিযুক্তিৰ বিতৰ্কৰ ওৰ পেলাই এলেকাৰ ভিতৰত পৰা একমাত্ৰ প্ৰাৰ্থী টুটুমণি গগৈক আশাকৰ্মী হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে ।