সমাগত শ্ৰীশ্ৰী গনেশ পুজা,অহা ২৭আগষ্টত সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো শ্ৰীগনেশ পুজা ৰ বাবে প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা,চাপৰমুখত আগন্তুক শ্ৰীগনেশ পুজাৰ বাবে দিনে ৰাতি প্ৰতিমা নিৰ্মানত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল।
ৰহা নতুনচাৰিআলী স্থিত মৃৎ শিল্পীয়ে জানিব দিয়ে যে তেওঁ এইবাৰ গনেশ পূজা ৰ বাবে ৰহা,চাপৰমুখ তথা বিভিন্ন প্ৰান্তৰ পৰা গনেশ প্ৰতিমা নিৰ্মানৰ বাবে অৰ্ডাৰ আহিছে আৰু ১০খন প্ৰতিমা নিৰ্মান কৰি থকা হৈছে।