সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো ৭৯সংখ্যক স্বাধীনতা দিৱস উল্লহ মালহেৰে পালন কৰাৰ সমান্তৰালকৈ ৰহা বজাৰৰ মাজমজিয়াত বৰ্ষ ২০২২ত শিক্ষিত যুৱক যুৱতী সকলৰ দ্বাৰা স্থাপিত সামাজিক, সাংস্কৃতিক অনুষ্ঠান সুবাস ৰ উদ্যোগত ৭৯তম্ স্বাধীনতা দিৱস উল্লহ মালহেৰে পালন কৰাৰ লগতে সুবাসৰ চতুৰ্থ বৰ্ষপূৰ্তী পালন কৰা হয়।

     এই উপলক্ষে পূবা ৰহা সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাংগনত স্থিত সুবাসৰ বাকৰিত একশৰন ভাগবতী সমাজৰ একনিষ্ট সেৱক দেবেন দাস আৰু অসম মীন উন্নয়ন নিগমৰ সহকাৰী অভিযন্তা জ্যোতি প্ৰসাদ শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ লগতে দেবেন দাসে পতাকা উওোলন কৰে।তাৰ পাছত সুবাসৰ উপদেষ্টা তথা ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা পৰাগ দাসে উদ্বোধন কৰা স্বাধীনতা ৰ বাবে দৌৰ শীৰ্ষক চাইকেল দৌৰ প্ৰতিযোগিতা সুবাসৰ বাকৰিৰ পৰা আৰম্ভ হৈ আহঁতগুৰি হৈ সুবাসৰ বাকৰীত সমাপন হয় আৰু চিত্ৰাংকন আৰু মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগি সকলক মানপত্ৰ, ট্ৰফী আৰু নগদ ধন প্ৰদান কৰি পুৰস্কৃত কৰা হয়।লগতে সদ্য ঘোষিত অসম লোকসবা পৰীক্ষাত নবম স্থান প্ৰাপ্ত কৰি গৌৰৱ কঢিয়াই অনা জাহ্নু হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়।

         

        সুবাসৰ চতুৰ্থ বৰ্ষপূৰ্তী আৰু স্বাধীনতা দিৱস উপলক্ষে বিয়লী ৩বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কন কন শিশু, যুৱক যুৱতী সকলে গীত নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰি সমস্ত ক্ষেত্ৰ গীত নৃত্যৰে মুখৰিত কৰি তুলে।

          সুবাসৰ প্ৰতিষ্ঠাপক নিৰুপম কলিতা,সাংস্কৃতিক সম্পাদক পৰশমনি দাস আকু ৰুপম জ্যোতি কলিতাই আঁত ধৰা অনুষ্ঠানত সমাজসেৱক ড° অসীম কুমাৰ দাস,ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস, সুবাসৰ মুখ্য উপদেষ্টা গনেশ হাজৰিকা, প্ৰবোধ কলিতা,সাংবাদিক চয়েল খেতান সহ স্থানীয় ৰাইজ, সুবাসৰ সদস্য সদস্যা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।

    সমাজসেৱক ড° অসীম কুমাৰ দাস,উপদেষ্টা পৰাগ দাসে সম্বোধন কৰাৰ লগতে ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাসে সুবাসলৈ আৰ্থিক সাহাৰ্য্য ঘোষণা কৰাৰ লগতে সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।