ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপাধক্ষ্য তথা মানৱ দৰদী ড° গজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ স্মৃতি ত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহী আত্মা চিৰ শান্তি ৰ কামনা কৰে।
যোৱা কালি পুবা ক্ষেত্ৰীত এক পথ দুৰ্ঘটনা ত ৰহা ৰজাগাওঁ নিবাসী তথা ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপাধক্ষ্য,মানৱ দৰদী, সমাজপ্ৰিয় ড° গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু পত্নীৰ মৃত্যু হোবাৰ লগতে কন্যা গুৰুত্ব ভাবে আহত হৈছিল।এই খবৰ পূবাৰ লগে লগে ৰহা মহাবিদ্যালয় ৰ লগতে সমস্ত ৰহা শোকস্তবদ্ধ হৈ পৰে আৰু বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি বিদহী আত্মা চিৰ শান্তি ৰ কামনা কৰাৰ সমান্তৰালকৈ আজি বিয়লী ৬বজাত ৰহা মহাবিদ্যালয় প্ৰাংগনত ৰহা হেঙুল হাইতালৰ উদ্যোগত অনুষ্ঠিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈয়ে ড° গজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সকলোৱে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন আৰু এক মিনিট মৌন প্ৰাৰ্থনা কৰি বিদেহী আত্মা চিৰ শান্তি ৰ কামনা কৰাৰ লগতে আহত কন্যা ৰ আশু আৰোগ্য ৰ কামনা কৰে।
হেঙুল হাইতালৰ সম্পাদক সঞ্জয় জ্যোতি বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হেঙুল হাইতালৰ উপদেষ্টা মৃদুল হাজৰিকা,কাৰ্য্যকৰী সভাপতি চন্দন জ্যোতি ভূঞা,ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা উৎওম দাস,বলোৰাম নাথ,ৰেনু বৰা সহ ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, ৰহা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিনিধি,ৰহা হেঙুল হাইতালৰ সদস্য, সদস্যা আৰু স্থানীয় ৰাইজ উপস্থিত থাকি মানৱ দৰদী প্ৰয়াত ড° গজেন্দ্ৰ মোহন দেৱ শৰ্মাক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।লগতে কেইবাজনো ড° গজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ কৰ্ম আৰু সামাজিক জীৱন ৰ ওপৰত বক্তব্য আগবঢ়াই স্মৃতি ৰোমন্থন কৰে।