সমাগত শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পুজা, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ত আগন্তক শ্ৰী দুৰ্গা পুজা ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা হিন্দুস্তানী শিৱ মন্দিৰত অনুষ্ঠিত হৈ ৰহা ৰহদৈ বাৰোৱাৰী যুৱ মঞ্চ ৰ সাধাৰন সভা।

    বিয়লী ৫বজাত অনুষ্ঠিত সভাত আগন্তুক শাৰদীয় দুৰ্গা পুজা ৰ বিষয়ে বিস্তৃত আলোচনা কৰাৰ লগতে শাৰদীয় দুৰ্গা পুজা সূচাৰু পৰিচালনা ৰ বাবে সৰ্বসম্মতিত শৰৎ হাজৰিকাক সভাপতি,পুতুকন মুদৈক উপ সভাপতি,দীপমনী বৰাক কাৰ্য্যকৰী সভাপতি আৰু নিলোৎপল হাজৰিকাক সাধাৰন সম্পাদক হিচাপে লৈ ২১জনীয়া ১৮সংখ্যক শাৰদীয় দুৰ্গা পুজা উদযাপন সমিতি গঠন কৰাৰ লগতে বিভিন্ন বিভাগৰ ৭খন উপ সমিতি গঠন কৰা হয়।