বৰ্ষ ১৯৪৪ত স্থাপিত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় ৰুপে স্বীকৃতি প্ৰদান কৰাৰ পাছত নগাঁও বিশ্ববিদ্যালয় ৰ উপাচাৰ্য ৰুপে ড° হিতেশ ডেকাক নিযুক্তি প্ৰদান কৰা হয়।
আজি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ সম্পাদক ৰাতুল কুমাৰ ৰাজবংশী ৰ নেতৃত্বত নগাঁও জিলা আৰু ৰহা আঞ্চলিক সমিতিৰ এক প্ৰতিনিধি দল উপস্থিত হৈ উপাচাৰ্য ড° হিতেশ ডেকাক স্ব জনগোষ্ঠীয় আওচাৰে আদৰণি জনাই।
ৰাতুল কুমাৰ ৰাজবংশীয়ে কৈ যে এই খবৰ পাই আমি আনন্দিত হৈছোঁ আৰু ইয়াৰ দ্বাৰা শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰী উপকৃত হব।