বৰ্ষ ১৯৯১ত স্থাপিত ৰহা কাৰাটে ক্লাবৰ উদ্যোগত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত যোৱা ১জুলাইৰ পৰা আৰম্ভ হোবা এমহীয়া গ্ৰীষ্মকালীন কৰ্মশালা ৰ সফল সমাপন হয় আৰু আজি ৰহা মহাবিদ্যালয় ৰ প্ৰেক্ষাগৃহ দিনৰ ১১বজাৰ পৰা আৰম্ভ হোবা কৰ্মশালা সামৰণি অনুষ্ঠান ৰ ৰহা সমজিলাৰ Assistant Commitioner অনুৰন মেধিৰ দ্বাৰা কাৰাটে ক্লাবৰ প্ৰতিষ্ঠাপক প্ৰয়াত হিতেশ ডেকাৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে কাৰাটে ক্লাবৰ সদস্য তথা সাংবাদিক অসীম ছেত্ৰী য়ে আঁত ধৰা অনুষ্ঠানত এমহীয়া প্ৰশিক্ষণ লোবা শিক্ষাৰ্থী সকলে আত্মৰক্ষাৰ কৌশল প্ৰদৰ্শন কৰাৰ লগতে সকলোকে মানপত্ৰ প্ৰদান কৰা হয়।

        অনুষ্ঠানত ৰহা সমজিলা Assistant Commitioner অনুৰন মেধি,মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা,ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা পৰাগ দাস, নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপ সভাপতি সঞ্জয় কুমাৰ কাকতি, নগাঁও জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক নিলোৎপল হাজৰিকা, ৰহা এ জে পাব্লিক স্কুলৰ প্ৰধান শিক্ষক প্ৰাঞ্জিত বৰা,কাৰাটে প্ৰশিক্ষক বসন্ত কুমাৰ নাথ উপস্থিত থাকি সম্বোধন কৰি ছাত্ৰ ছাত্ৰী সকলৰ উৎসাহ বৰ্দ্ধন কৰে।

    ৰহা কাৰাটে ক্লাবৰ মুখ্য প্ৰশিক্ষক বিতোপন মুদৈ য়ে জানিব দিয়ে যে এমহীয়া প্ৰশিক্ষণ ত বৃহতৰ ৰহা আঞ্চলৰ প্ৰায় ৮০ গৰাকী কন কন শিশু, যুৱক,যুৱতীয়ে প্ৰশিক্ষণ লয়।

   অনুষ্ঠানত কাৰাটে ক্লাবৰ সদস্য, সদস্যা,ছাত্ৰ ছাত্ৰী,অবিভাবক,অবিভাবকা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।