শিৱসাগৰঃ --শিৱসাগৰৰ মেটেকা মাজগা‍ঁৱত দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বৃহত্তৰ মেটেকাবাসী ৰাইজৰ সহযোগত চলিত ২০২৫ বৰ্ষত উদ্‌যাপন কৰা হ’ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ৷ উল্লেখযোগ্য যে, শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদ্‌যাপনৰ সিদ্ধান্তৰ পাছতেই যোৱা ২৭ জুলাই, দেওবাৰে বৃহত্তৰ মেটেকা আঞ্চলিক ৰাইজৰ অংশগ্ৰহণত ৰাসলীলা মহোৎসৱৰ কাৰ্যালয় আৰু নৃত্যাংশৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়৷ বৃহত্তৰ মেটেকা , বগীদল , মেছাগড়, নমাতি , মঠিয়াছিগাকে আদি কৰি ৭ টা আঞ্চলিকৰ ৰাইজৰ অংশগ্ৰহণত অনুষ্ঠিত হ’ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷ উল্লেখ যে, সুদীৰ্ঘ প্ৰায় ৩৩ টা বৰ্ষৰ পাছত মেটেকা মাজগাওঁ তিনিআলিত দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বৃহত্তৰ মেটেকাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া ৰাসলীলাৰ প্ৰথমটো কাৰ্যসূচী গাম্ভীৰ্যপূৰ্ণভাৱে ৰূপায়িত কৰা হয়৷ দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সম্পাদক ঋতুৰাজ সন্দিকৈৰ সিংহদ্বাৰস্থিত বাসগৃহৰ পৰা ৰাসলীলাৰ নাটভাগি গায়ন-বায়নৰ শোভাযাত্ৰা কৰি আদৰি অনা হয়৷ ইয়াৰ পাছত মেটেকা মাজগাঁও তিনিআলিত নাম প্ৰসংগৰে সম্পূৰ্ণ আধ্যাত্মিকতাৰে শুভ্ৰজ্যোতি কৰা হয় শ্ৰীশ্ৰী ৰাসলীলা মহোৎসৱৰ নৃত্যাংশৰ শুভাৰম্ভ