ৰহা দীঘলদৰিত যোৱা ২০জুলাই তিনি দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা গ্ৰীষ্মকালীন নাট আৰু কবিতা কৰ্মশালাৰ আজি সফল সমাপন হৈ আৰু কন কন শিশু সকলে গীত নৃত্য আৰু নাট মঞ্চস্থ কৰি সকলোকে আপ্লুত কৰি তুলে।

           গ্ৰীষ্ম বন্ধত সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহাৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পাঠদান ৰ লগতে কৰ্মশালা চলি থকা সমান্তৰালকৈ ৰহা দীঘলদৰিত বৰ্ষ ১৮২০ত স্থাপিত ২০০বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ৯৮নং প্ৰাথমিক বিদ্যালয়ত প্ৰশিক্ষকৰ দ্বাৰা নাট আৰু কবিতা ৰ প্ৰশিক্ষণ দিয়া হৈ আৰু কৰ্মশালাৰ অন্তিম দিনা দিনৰ ৩বজাৰ পৰা সাংস্কৃতিক বিভাগৰ মুখ্য সম্পাদক ইন্দ্ৰ মোহন দাস আৰু সম্পাদক ভাস্কৰ পাতৰে আঁত ধৰা কৰ্মশালা সামৰণি অনুষ্ঠানত ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী,সুদুৰ ধেমাজি ৰ পৰা অহা শিক্ষয়ত্ৰী ,কবি প্ৰণতি দেৱী শৰ্মা,সুদুৰ শিৱসাগৰৰ পৰা অহা কবিতা আবৃতী প্ৰশিক্ষক বিদ্যা জ্যোতি গগৈ,হোজাই ৰ পৰা অহা দিহানাম সম্ৰাগী দিপাঞ্জলী বৰা,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা সহ গনমান্য ব্যক্তি উপস্থিত থাকি সম্বোধন কৰাৰ লগতে কন কন শিশু সকলে গীত নৃত্য ৰ লগতে নাট্যকৰ্মী ইন্দ্ৰ মোহন দাস ৰ পৰিচালনাত ঘটি টো কি হল নাট মঞ্চস্থ কৰি সকলোকে আপ্লুত কৰি তুলে লগতে কবি প্ৰণতি দেৱী শৰ্মাই শিশু সকলক সাধু শুনাই।

   সামৰণি অনুষ্ঠান সাংবাদিক দীপক দাস,চয়েল খেতান,অসীম চেত্ৰী সহ কন কন শিশু, অবিভাবক,অবিভাবিকা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।