ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান টিংখাং মহাবিদ্যালয় খনিয়ে আগন্তুক  ১ চেপ্তম্বৰত গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিব। ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ মানসেৰে অহা ১ চেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ মহাবিদ্যালয় খনৰ চৌহদত উদযাপন কৰা হব টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ। এই উপলক্ষে  মহাবিদ্যালয়ৰ খনৰ চৌহদত চলিছে ব্যাপক প্ৰস্তুতি। খেলপথাৰত নিৰ্মাণ কৰা হৈছে বৃহৎ মণ্ডপৰ। চোন তেল সানি জিলিকাই তোলা হৈছে মহাবিদ্যালয়ৰ চৌদিশ । সুকীয়া সুকীয়াকৈ সকলোৱে পালন কৰিছে নিজৰ দায়িত্ব।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সাংস্কৃতিক উপ সমিতিৰ সহযোগত বৰগীত, খোল আৰু সত্ৰীয়া নৃত্য কেলিগোপাল নাটৰ আধাৰত ১০ দিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। বুধবাৰে এই কৰ্মশালাৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বৰগীত, অংকীয়া নাট আদি পৰিবেশন কৰে। সমষ্টিটোৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান খনৰ এই সোণালী জয়ন্তী অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।