ৰহা হাৰিয়ামুখ কুমাৰগাঁও স্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবুঢা গোঁসাই থানৰ পুৰোহিত, মানব দৰদী লম্বিত বৰা বাবাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হয়।

     যোৱা বুধবাৰে নিশা ৭৯ বছৰৰ বয়সত দেহাৱসান হৈ মানৱ দৰদী লম্বিত বৰা বাবাৰ।

       ১৬বছৰৰ বয়সৰ পৰা বুঢা গোঁসাই থানত নি:স্বাৰ্থ ভাবে সেবা আদবঢাই অহা স্বৰ্গীয় লম্বিত বৰা বাবাৰ স্মৃতিত আজি বিয়লী ৫বজাত থান পৰিসৰত ৰহা আঞ্চলিক ছাত্ৰ সন্থা, হাৰিয়ামুখ শাখা ছাত্ৰ সন্থা আৰু কলংপৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত একাঞ্জলী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত থান পৰিচালনা সমিতিৰ সদস্য হৰিপ্ৰসাদ কলিতাৰ দ্বাৰা বাবাৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰা লগতে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি বিদেহী আত্মা চিৰ শান্তি বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে।

          ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বুঢা গোঁসাই থানৰ নামঘৰিয়া হৰেন কলিতা,গাঁও প্ৰধান ৰন্টু মুদৈয়ে বাবাৰ দ্বাৰা দি অহা সেবা ওপৰত বক্তব্য ৰাখে  আৰু অনুষ্ঠানত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সম্পাদক ভাৰত বৰুৱা সহ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, হাৰিয়ামুখ শাখা ছাত্ৰ সন্থা প্ৰতিনিধি সহ স্থানিয় ৰাইজ উপস্থিত থাকে।