১জানুবাৰী ১৯৯৪ বৰ্ষত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ উদ্যোগত বৰ্ষ ২০২৪-২৫বৰ্ষৰ বাবে "বনৌষধি গছৰ সৈতে বন্ধু পাতোঁ আহা" শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়।
অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় প্ৰকৃতি প্ৰেমী অবনী কুমাৰ শইকীয়া আৰু প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে ফলাফল ঘোষণা কৰি জানিব দিয়ে যে বৰ্ষ ২০২৩ৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহা হৈছে আৰু বৰ্ষ ২০২৩ -২৪বৰ্ষ প্ৰতিযোগিতাৰ বিষয় আছিল "গছ আমাৰ প্ৰান।"
বিশ্ব পৰিবেশ দিৱস ৰ লগত সংগতি ৰাখি ৫জুন ২০২৪ ৰ পৰা ৫জুন ২০২৫লৈকে অনুষ্ঠিত প্ৰতিযোগিতাৰ বিষয় আছিল "বনৌষধি গছৰ সৈতে বন্ধু পাতোঁ আহা।"
আৰু আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়।
প্ৰতিযোগিতাত ইস্পিতা ডেকা ক প্ৰথম,ৰিমছা পাটৰক দ্বিতীয় আৰু মিঠু চন্দ্ৰ সিংহই তৃতীয় স্থান পাবলৈ সক্ষম হোবা ৰ লগতে নিচুকনি লাভ কৰিছে প্ৰিয়াংশী মেধীয়ে।
অহা ৮জুন ত অনুষ্ঠিত হব লগা বিশেষ কৰ্মশালা ত প্ৰথম ,দ্বিতীয় আৰু ৩য় স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰী ক ৰাজহুৱা স্বীকৃতিৰে সেউজ জ্যোতি উপাধি প্ৰদান কৰা হব বুলি জানিব দিয়ে আৰু লগতে কয় যে আজি ৫জুন ২০২৫ৰ পৰা ৫জুন ২০২৬ লৈকে অনুষ্ঠিত হব লগা প্ৰতিযোগিতাৰ বিষয় হব "জন্তু আৰু পক্ষী আমাৰ সখী।"