শিৱসাগৰ : শিৱসাগৰৰ বিশিষ্ট নাগৰিক, উদ্যোগপতি আৰু শিল্পী অভিজিত চলিহা ওৰফে পৰশ চলিহা (৬৫) য়ে ৩ মে’ পুৱা নগৰৰ মেলাচকৰ অঞ্চলত অৱস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিমলা প্ৰসাদ চলিহাৰ নাতি তথা প্ৰয়াত দেৱব্ৰত চলিহা আৰু হেমলতা চলিহাৰ পুত্ৰ অভিজিত চলিহা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী চলিহা আৰু প্ৰয়াত সত্যব্ৰত চলিহাৰ ভতিজাক আছিল । উল্লেখ যে, দীৰ্ঘকাল ধৰি অভিজিত চলিহা বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। ১৯৫৯ চনৰ ১১ নৱেম্বৰত জন্মগ্ৰহণ কৰা অভিজিত চলিহা একেধাৰে এগৰাকী সফল উদ্যোগপতি হোৱাৰ লগতে তেওঁ সুৰ সংগীত শিল্প আৰু ক্ৰীড়াৰ সৈতেও জড়িত হৈ আছিল । শিৱসাগৰ ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰি শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ শ্বিলঙৰ ছেইণ্ট এন্থনী কলেজত পি ইউ অধ্যয়ন কৰিছিল। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা ১৯৮৩ চনত স্নাতক ডিগ্ৰী লাভ কৰা অভিজিত চলিহাই খুড়াক সত্যব্ৰত চলিহা আৰু ভাতৃ ৰঞ্জন চলিহাৰ সৈতে একত্ৰে স্বাধীন ব্যৱসায়ত মনোনিবেশ কৰিছিল । পৰিয়ালৰ সূত্ৰে উজনি অসমৰ চাহ বাগিছা উদ্যোগৰ স্বত্বাধিকাৰী হোৱাৰ উপৰিও তেওঁ লোকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি নাট "ৰূপালীম"ৰ নামেৰেই তেওঁলোকে শিৱসাগৰ নগৰৰ পৰিবহণ নিগম বাছ আস্থানৰ সমীপত এটি চিত্ৰগৃহ আৰম্ভ কৰিছিল । ছাত্ৰ জীৱনত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহকাৰী সম্পাদকৰূপে সেৱা আগবঢ়োৱা অভিজিত চলিহা অসম আন্দোলনৰ শীৰ্ষ নেতা, সিংহ পুৰুষ প্ৰণৱজিৎ চলিহা (ৰমুদা), ভৃগু কুমাৰ ফুকন আদিৰ সৈতে ঘনিষ্ঠভাৱে দেশৰ সেৱাত নিয়োজিত আছিল । সেউজ কোঁৱৰ, সাহিত্যিক, জাতীয়তাবাদী নেতা, শিল্পী প্ৰাক্তন সাংসদ প্ৰয়াত পৰাগধৰ চলিহাৰ ৪০০০ বছৰৰ অসমত অভিনয় কৰাৰ উপৰিও অভিজিত চলিহাই সুন্দৰভাৱে মাউথ অৰ্গেন, তবলা, গীতাৰ, বাঁহী আদি বাদ্য বজাইছিল। সংগীত প্ৰিয় অভিজিত চলিহা ওৰফে পৰশ চলিহা এগৰাকী সুদক্ষ ক্ৰীড়াবিদ আছিল। তেওঁ ল'ন টেনিছ, টেবুল টেনিছ খেলুৱৈ হিচাপে সুখ্যাতি লাভ কৰিছিল। অসম ৰাজ্যিক দলৰ হৈ তেওঁ টেবুল টেনিছ খেলিছিল। মহাভাৰতৰ খ্যাতিসম্পন্ন শিল্পী, সৰোদ বাদক, পদ্মশ্ৰী ওস্তাদ আমজাদ আলী খানৰ পত্নীৰ পৰিয়ালৰ ভতিজা আত্মীয় অভিজিত চলিহাই ওস্তাদ খানৰ সৈতে মাজে মাজে তবলা সংগত কৰিছিল। বৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰী প্ৰাপক, স্বাধীনতা সংগ্ৰামী প্ৰয়াত ময়িদুল ইছলাম বড়াৰ সৈতে শিৱসাগৰৰ ঐতিহাসিক চলিহা পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। সেই সূত্ৰে অভিজিত চলিহাই ড০ ময়িদুল ইছলাম বড়াৰ নাতি তথা জাতীয়তাবাদী নেতা এম আই বড়াৰ সৈতে একেলগে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। বিশিষ্ট সমাজকৰ্মী, উদ্যোগপতি চলিহাই মৃত্যুৰ সময়ত মাক হেমলতা চলিহা (৯৫) ৰ লগতে পত্নী, এজন পুত্ৰ, বোৱাৰী, নাতিৰ লগতে বৃহৎ সংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি গৈছে। শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বিশিষ্ট উদ্যোগপতি আৰু শিল্পী অভিজিত চলিহাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি তেওঁৰ বাসভৱনত উপস্থিত হয়গৈ। শিৱসাগৰ নাট্য সমাজৰ হৈ সভানেত্ৰী, বিশিষ্ট শিক্ষাবিদ দিপালী চলিহা, সমাজকৰ্মী সৌৰভ চলিহা, আত্মীয় বৌয়েক তথা প্ৰয়াত প্ৰণৱজিৎ চলিহাৰ পত্নী ৰাকা চলিহা, যুৱনেতা শৃংখল চলিহা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, বাণিজ্য মহাবিদ্যালয়ৰ সতীৰ্থ-৮৩ গোটৰ হৈ অধিবক্তা শ্বেইখ ছামছেৰ, বিপুল চিলাওজা, অনিল বৰুৱা, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি, সাংবাদিক মণিৰুল ইছলাম বড়া, প্ৰয়াত ড০ ময়িদুল ইছলাম বড়াৰ স্মৃতিৰক্ষা সমিতিৰ প্ৰতিনিধি, উত্তৰ-পূব উদ্যোগী নাৰী সন্থাৰ সভানেত্ৰী প্ৰণতি বৰগোহাঁই, শিক্ষয়িত্ৰী ববী দুৱৰাকে ধৰি বিভিন্ন লোকে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশিষ্ট উদ্যোগপতি, শিল্পী অভিজিত চলিহাৰ মৃত্যুত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষাবিদ ড০ সব্যসাচী মহন্ত, বিৰাংগনা সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জ্যোতি প্ৰসাদ শইকীয়া, বিজেপি নেতা, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈ, বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, ড০ উৎপল দত্ত, শিৱসাগৰ জিলা সাংবাদিক সন্থা, শিৱসাগৰ জিলা যুৱ সাংবাদিক সন্থাৰ সভাপতি বিকাশ কুমাৰ, সমন্বয় সাংস্কৃতিক গোষ্ঠী, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সম্পাদক পৰী শইকীয়া, শিৱসাগৰ ই মিডিয়া সন্থা, শিৱসাগৰ যুৱদল, হিন্দু ধৰ্ম্মসভা নামঘৰ পৰিচালনা সমিতি, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ সন্মিলিত ব্যৱসায়ী সন্থা, শিৱসাগৰ বিশ্ববিদ্যালয়, শিৱসাগৰ ক্ৰীড়া সন্থা,সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়, শিৱসাগৰ ল'ন টেনিছ এছছিয়েশ্যন, শিৱসাগৰ টেবুল টেনিছ সন্থা, শিৱসাগৰ চাহ বাগিছা উদ্যোগ পৰিষদ, শিৱসাগৰ চেম্বাৰছ অৱ কমাৰ্চকে ধৰি একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াত অভিজিত চলিহাৰ পুত্ৰ বোৱাৰী কৰ্ম সূত্ৰে কৰ্ণাটকত বসবাস কৰাৰ হেতুকে তেওঁ লোকৰ শিৱসাগৰৰ ঘৰত পদাৰ্পনৰ পিছতহে পিতৃ অভিজিত চলিহাৰ বৈদিক শেষকৃত্য দেওবাৰে শিৱসাগৰ নগৰৰ থানামুখ শান্তিবন শ্মশানত সম্পন্ন কৰা হ'ব বুলি পৰিয়ালবৰ্গৰ পৰা জানিব পৰা গৈছে ৷