অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজীৱ ভৱনৰ সন্মুখত আজি জিলা মহিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰিয়াল মহিলাক লৈ অশালীন মন্তব্য।কৰাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়।অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ আহ্বান মৰ্মে শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচীত মুখ্যমন্ত্ৰীক পদত্যাগ কৰাৰ দাৱী জনায়।অসমৰ প্ৰত্যেক জিলাতে এই প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰা হৈছে।এই প্ৰতিবাদী কাৰ্য্যসূচীত ২৪ঘণ্টাৰ ভিতৰত অসমৰ মহিলাক।ক্ষমা খোজাৰ দাৱী তোলে।অন্যথা জঙ্গী আন্দোলন কৰাৰ কথা উল্লেখ কৰে।
অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিৱসাগৰ ৰাজীৱ ভৱনৰ সন্মুখত জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী।।
