শিৱসাগৰঃ শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সহযোগত শিৱসাগৰ জিলাৰ ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্‌যাপন কৰা হয় বিশ্ব মেলেৰিয়া দিৱস ৷ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজৰ মাজত মেলেৰিয়া ৰোগৰ পৰা হাত সাৰি থাকিবলৈ ল’বলগীয়া সাৱধানতা আৰু এই ৰোগৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত উপস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শিৱসাগৰ জিলাৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, বাহকজনিত ৰোগৰ জিলা পৰামৰ্শদাতা ডাঃ দেইজী কোঁৱৰ, মেলেৰিয়া পৰিদৰ্শক, নিৰীক্ষণ কৰ্মী আৰু শিক্ষাগুৰুসকলে বক্তব্য ৰাখে। ইয়াৰ পাছতেই মেলেৰিয়াক মূল বিষয় হিচাপে লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে মহৰ প্ৰজনন ৰোধ কৰিবলৈ ঘৰৰ চৌপাশত পানী জমা হৈ থাকিবলৈ নিদিয়া, আঁঠুৱা আৰু বয়স অনুযায়ী মহ প্ৰতিৰোধক যেনে-বৈদ্যুতিক মেট, ধূপ-ধূনা, ইত্যাদি ব্যৱহাৰ কৰা, দীঘল হাতৰ কাপোৰ পিন্ধি ম'হৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখা, যদি মেলেৰিয়া ৰোগৰ লক্ষণে দেখা দিয়ে তেন্তে ততালিকে তেজ পৰীক্ষা কৰা আৰু চিকিৎসা পৰামৰ্শ গ্রহণ আদি বিষয়সমূহ আলোচনা কৰা হয়।