ঢকুৱাখনা বাঘচুক নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং মাতৃভাষা শিক্ষাৰ মাধ্যমৰ শুভ উদ্বোধন কাৰণে ব্যাপক প্ৰস্ততি
ঢকুৱাখনাৰ পৰা ঘনকান্ত দলে: প্ৰথমবাৰৰ বাবে আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত সুদীৰ্ঘ ৩৩ বছৰৰ পিছত অহা ২ এপ্ৰিলৰ পৰা ৰাজ্যত মিচিং অধ্যূষিত অঞ্চলসমূহত ২ শ (২০০) খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং মাতৃ ভাষাত পাঠদান আৰম্ভ হ’ব৷ অসমৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে যোৱা লৃগাঙৰ দিনাই মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰাত এতিয়া উৎফুল্লিত হৈ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPK আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰতিখন বিদ্যালয়ক চাফ-চিকুণ কৰি মিচিং ভাষাৰ বাণীৰে ন-সজ্জাৰে সজাই পৰাই তুলিছে বিদ্যালয়ৰ চৌহদ৷
সমান্তৰালভাবে বাঘচুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ লগতে ঢকুৱাখনা সম-জিলাতো ২১খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং মাতৃভাষা বিদ্যালয়সমূহক আদৰণি জনাই TMPKৰ উদ্যোগত জাতীয় সাজ সজ্জাৰে সুসজ্জিত কৰি তোলাৰে স্থথলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুক ধন্যবাদ জনাইছে৷