ঢকুৱাখনাৰ মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি
শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ ঢকুৱাখনা জিলা শাখাৰ সোৱণশিৰি শঙ্কৰ-মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ আজি মুকলি সভাৰে সফল সামৰণি পৰে।
১৯৯৩ চনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰাথমিক শাখাখনিৰ স্মৃতি ৰোমন্থন, ইতিহাস সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাবে চিনাকি দিয়াৰ লক্ষ্যৰে যোৱা ২৯ আৰু ৩০ মাৰ্চত দুদিনীয়াকৈ আয়োজন কৰা হয় ৰূপালী জয়ন্তী মহোৎসৱৰ।
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ কৰাৰ পিছতে শৰাই প্ৰতিষ্ঠা কৰে বিপুল ডেকা, নাম প্ৰসংগখনি আতঁধৰে বানেশ্বৰ খনিকৰ, ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাথমিক শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালী৷ইয়াৰ পিছতে ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ "ৰূপতীৰ্থ" উন্মোচন কৰে শিক্ষক উৎপল চুতীয়াই। দুপৰীয়া ভাগত নিকুঞ্জ মোহন ভৰালীৰ সভাপতিত্ব মুকলি সভাখন উদ্বোধন কৰে প্ৰতিষ্ঠাপক সম্পাদক মূলাৰাম খনিকৰ।নিদিষ্ট বক্তা হিচাবে বক্তব্য ৰাখে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ মূলৰ সদস্য দেৱ কুমাৰ গগৈ,বিশিষ্ট অতিথি হিচাপে ঢকুৱাখনা জিলা শাখাৰ শৰণ সদস্য থানেশ্বৰ বড়া ,মূলৰ সদস্য বগেন কোচ, জিলাৰ সম্পাদক হেমন্ত ভৰালী ,শঙ্কৰ মাধৱ আঞ্চলিকৰ সভাপতি জীৱন চুতীয়াৰ লগতে কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে। সন্ধিয়া ভাগত বন্তি প্ৰজ্জ্বলন আৰু শৰাই প্ৰতিষ্ঠা কৰিব নাৰায়ণ ডেকা আৰু ৰাতিলৈ উত্তম চুতীয়াৰ “ বিপ্ৰ দামোদৰ আখ্যান , দন্তবক্ৰৰ মুক্তি লাভ ” নামৰ ভাওনা প্ৰদৰ্শন কৰিব৷