আজি নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সমজিলা আয়ুক্ত কণিকাৰ সভাপতিত্বত সমাগত বাৰিষা কালত হ'ব পৰা সম্ভাব্য বানপানীৰ ক্ষেত্ৰত সমজিলা প্ৰশাসনৰ লগতে বিভিন্ন চৰকাৰী বিভাগ সমূহে ল'বলগীয়া আগতীয়া প্ৰস্তুতি সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয় ।

সভাত সমজিলা আয়ুক্তই বানপানীৰ পৰিস্থিতি উদ্ভৱ হলে তেনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে ৰাজহ চক্ৰ বিষয়া পৰ্যায়ত, বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আদিৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই সম্পৰ্কে বুজ লয় । তেখেতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত সকলো বিভাগক সু-সমন্বয় ৰক্ষা কৰি দায়িত্ব সহকাৰে তথা তৎপৰতাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে । 

তদুপৰি বানপানীৰ সময়ত আশ্ৰয় শিৱিৰ স্থাপন কৰা আৰু আশ্ৰয় শিৱিৰ সমূহৰ বাবে পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ নির্দেশ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগক আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বীজাণুনাশক পৰ্যাপ্ত পৰিমাণে মজুত ৰখাটো সুনিশ্চিত কৰাৰ লগতে আশ্ৰয় শিবিৰসমূহত টিউবৱেল সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। লগতে শক্তি বিভাগক বানপানীত বুৰ যোৱাৰ সম্ভাৱনা থকা অঞ্চল সমূহত বিশেষ দৃষ্টি ৰাখিবলৈ কয় আৰু তেনে অঞ্চলৰ ট্ৰেছফৰ্মাৰ বা বৈদ্যুতিক তাৰ সমূহ ওখ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ উক্ত সভাত নিৰ্দেশ দিয়ে। সমজিলা আয়ুক্ত কণিকাই স্বাস্থ্য বিভাগক তৎকালীন সঁহাৰি দল সাজু ৰাখিবলৈ তথা আশ্ৰয় শিবিৰ সমূহত আবাসী সকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষণ তথা চিকিৎসা সেৱা প্ৰদানৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা সাজু ৰাখিবলৈ কয়। ইয়াৰ লগতে পশুপালন আৰু পশু চিকিৎসা বিভাগক পোহনীয়া জীৱ-জন্তুৰ বিভাগীয়ভাৱে জৰীপ চলাই বানপানীৰ সময়ত জীৱ-জন্তু সমূহক সুৰক্ষিত তথা ওখ স্থানত স্থানান্তৰিত কৰিবলৈ আৰু পৰ্যাপ্ত পশুখাদ্য যোগান আৰু মজুতকৰণ সুনিশ্চিত কৰিবলৈ কয়। তেখেতে সংশ্লিষ্ট সকলো বিভাগকে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। 

আজিৰ সভাত নাজিৰা ৰাজহ চক্ৰ বিষয়া, নাজিৰাৰ সহকাৰী আয়ুক্তসকল,মহকুমা তথ্য ও জনসংযোগ বিষয়া,আৰক্ষী আৰু অগ্নি নিৰ্বাপন বিভাগৰ প্ৰতিনিধি সকলৰ উপৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।