অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসন ৰ সহযোগত আৰু শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহা আৰু মৌন কলা নিকেতন ৰ ব্যবস্থাপনাত আজি ৰহা ত গ্ৰীষ্মকালীন কৰ্মশালা ৰ শুভাৰম্ভ কৰা হয়।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা ৰাজ্য ৰ বিধানসভা সমষ্টি ত যোবা ১৫ জুলাইৰ পৰা দহ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা ৰ আয়োজন কৰাৰ সমান্তৰালকে ৰহাতো  আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহা আৰু মৌন কলা নিকেতন ৰ ব্যবস্থাপনাত দহ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা ৰ শুভাৰম্ভ কৰা হয়।

  এই উপলক্ষে আজি পূবা সৰ্বপ্ৰথমে ৰহা মজলীয়া বিদ্যালয় ত শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ব্যবস্থাপনাত অনুষ্ঠিত হোবা তথা প্ৰধান সচিব ৰন্টু মুদৈ য়ে আঁত ধৰা অনুষ্ঠানত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কৰ্মশালা ৰ উদ্বোধন কৰে।ৰহা ৰাজস্ব চক্ৰ বিষয়া সুপ্ৰভা ৰয়ে বন্তি প্ৰজ্বলন কৰা উদ্বোধনী অনুষ্ঠানত কবিতা ঘৰ অসম ৰ সহ প্ৰশিক্ষক জয়ন্ত দাসে গুৰু বন্দনা আৰু সত্ৰীয়া  নৃত্য ৰ ছাত্ৰী সকলে সত্ৰীয়া নৃত্য পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলা উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰ  সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ নগাঁও জিলা ৰ বিষয়া সৌৰভ পানী ফুকন, বটদ্ৰৱা সাংস্কৃতিক বিভাগৰ বিষয়া অমিত দত্ত, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,প্ৰাক্তন শিক্ষক বিনোবা ৰাজবংশী, ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপাধ্যক্ষা দ্বিপ্তী দেবী শৰ্মা,প্ৰাক্তন প্ৰবক্তা জতিন্দ্ৰ কুমাৰ পাৰৈ,চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকিয়া, কৰ্মাশালা আহ্বায়ক সমিতিৰ সদস্য তথা সাংস্কৃতিক কৰ্মী বিৰেন ডেকা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন শিক্ষয়ত্ৰী তথা ৰহা পৌৰসভাৰ উপ পৌৰপতি অনিমা দাস,অকনিৰ কবিতা ঘৰ অসম ৰ প্ৰধান পৰিচালক শিশুপ্ৰিয় অবনী কুমাৰ  শইকীয়া, কৰ্মশালা ৰ মুখ্য প্ৰশিক্ষক প্ৰীয়াসী পূজাৰী, শিক্ষক ফুকন ডেকা সহ ছাত্ৰ ছাত্ৰী, অবিভাবক,অবিভাবিকা,শিক্ষক শিক্ষয়ত্ৰী,কবিতা ঘৰৰ সদস্য, সদস্যা সহ গনমান্য ব্যক্তি উপস্থিত থাকে।কবিতা ঘৰে জানিব দিয়া মতে কৰ্মশালাত ৯০ গৰাকী ছাত্ৰ ছাত্ৰী য়ে 

পঞ্জীয়ন কৰাই আৰু দিনৰ ২বজাৰ পৰা ৫বজালৈ সত্ৰীয়া নৃত্য ৰ প্ৰশিক্ষণ দিয়া হব।

তাৰপাছত ৰহা মৌন কলা নিকেতন ৰ ব্যবস্থাপনাত অনুষ্ঠিত হোবা কৰ্মশালাৰো উদ্বোধন বিধায়ক শশীকান্ত দাসে কৰে।

  মৌন কলা নিকেতনৰ প্ৰতিনিধি তথা বাৰহপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ কুমুদ বৰদলৈ, সন্তৰাম দাসে আঁত ধৰা অনুষ্ঠানত মহিলা সকলে সমবেত সংগীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

কৰ্মশালা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক মনোৰমা ভুঞা, প্ৰাক্তন অধ্যক্ষ মনিৰাম নাথ, প্ৰাক্তন শিক্ষক মাধব চন্দ্ৰ নাথ  সহ ছাত্ৰ ছাত্ৰী, অবিভাবক উপস্থিত থাকে।

   মৌন কলা নিকেতনে জানিব দিয়ে যে  কৰ্মশালা ত মাইম,মুখাভিনয় ৰ প্ৰশিক্ষণ দিয়া হব আৰু কৰ্মশালাত ৭০গৰাকী ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়ন কৰাইছে।