"আজাদী কা অমৃত মহোৎসৱ" উপলক্ষে আজি ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখী মহোদয়ৰ আহ্বান মৰ্মে অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়।
আজি এই বিধানসভাৰ অধিৱেশনত উপস্থিত থকাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৰাওনা হয় বিধায়ক পৰমানন্দ ৰাজবংশী।
চিকিৎসালয়খনিত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বহুসংখ্যক ৰোগীৰ স্বাস্থ্যৰ বুজ লয় বিধায়ক গৰাকীয়ে।
সমান্তৰালভাৱে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলাপ-আলোচনাত মিলিত হৈ ৰোগীসকলৰ উন্নত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰে আৰু দ্ৰুত আশু-আৰোগ্যৰ কামনা কৰে।
ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাৱান কাৰ্যকৰ্তা হেমন্ত কুমাৰ ডেকাৰ পিতৃ আৰু ছিপাঝাৰ সমষ্টিৰ কটাহী গাওঁৰ এগৰাকী কণমানি ময়ুৰ তৃষ্ণা ৰাজবংশী বিশেষ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে। প্ৰত্যেকৰে স্বাস্থ্যৰ বুজ লয়।