বৰ্ষ ১৯৯৪চনৰ ১জানুৱাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ৩২সংখ্যক আৰু সংগীত কাননৰ ২০সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ২৩মাৰ্চত ৰহা পুৰনাচাৰিআলী স্থিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে সত্ৰিয়া নৃত্য, ভাৰত নাট্যম,গীত, তবলা ৰ আখৰাত ছাত্ৰ ছাত্ৰী ব্যস্ত থকা পৰিলক্ষিত হৈছে।

         শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়া আৰু প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে জানিব দিয়ে যে অহা ২৩মাৰ্চত পূবা ৯বজাত কবিতা ঘৰৰ জ্যেষ্ঠ উপদেষ্টা কমল চন্দ্ৰ শৰ্মাই কবিতা ঘৰ কেন্দ্ৰীয় সমিতিৰ স্থায়ী পতাকা উওোলন কৰি কাৰ্য্যসূচী ৰ শুভাৰম্ভ কৰাৰ লগতে ৩২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৩২গৰাকী অকণিৰ দ্বাৰা ৩২ গছি বন্তি প্ৰজ্বলন কৰিব আৰু মুখ্য বন্তি প্ৰজ্বলন কৰিব কবিতা ঘৰৰ প্ৰধান পৰিচালক তথা শিশুপ্ৰিয় অৱনী কুমাৰ শইকীয়াই।

      ৯.৩০বজাৰ পৰা সাঁচিপাত কিতাপ ঘৰৰ স্বতাধিকাৰী সুভাষ কুমাৰ বৰাৰ ব্যৱস্থাপনাত গিৰিধৰ বৰা সোঁৱৰণী ৰাজ্যিক ভিওিত মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব।

     ১০.৩০বজাৰ পৰা "আত্ম বিশ্লেষণ-ধনাত্মক চিন্তন" শীৰ্ষক এক প্ৰীতি আড্ডা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হব।

       ৰহা পৌৰ সভাৰ উপ পৌৰপতি অনিমা দাসে গ্ৰন্থ উন্মোচন কৰিব।

     বিয়লী ২বজাৰ পৰা "উদুলি মুদুলি আমাৰ অকণিৰ কবিতা ঘৰ" শীৰ্ষক এক সমীক্ষা আৰু সাংগঠনিক দিশৰ আলোচনা সভা অনুষ্ঠিত হব।বিয়লী ৪বজাৰ পৰা কন কন অকণি আৰু ন শিকাৰু শিক্ষাৰ্থী সকলৰ সাংস্কৃতিক অনুষ্ঠান আৰু সংগীত কাননৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা সংগীতানুষ্ঠান লগতে ৰিপুঞ্জয় মেধি ৰ ব্যবস্থাপনাত মাধৱী মেধি সোঁৱৰণী সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব।

      সন্ধ্যা ৬বজাৰ পৰা  সংস্কৃতিৰ সোনালী সুবাস শীৰ্ষক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

     ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে উদ্বোধন কৰিব লগা বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে ৰহা সম জিলা আয়ুক্ত ফিলিছ ভি এল এইচ হ্ৰংছাল,ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয় আৰু ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা উপস্থিত থাকিব।