ৰাজধানী সম্প্ৰসাৰণৰ বিৰুদ্ধে মৰিগাঁৱত সমূহ তিৱা জাতীয় সংগঠন আৰু ৰাজধানী সম্প্ৰসাৰণ বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সোমবাৰে গণধৰ্না কাৰ্য্যসূচী ৰূপায়ন হয়। তিৱা সংগঠন সমূহে ৰাজধানী সম্প্ৰসাৰণ হলে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যথেষ্ঠ ক্ষতি হব বুলি দাবী কৰিছে। অন্যহাতে জাগীৰোড কাগজ কলৰ ভূমি পূৰ্বতে ট্ৰাইবেল ৰাইজৰ ভূমি আছিল আৰু এই ভূমি তিৱা ৰাইজক ঘূৰাই দিব লাগে বুলিও দাবী তুলে। আজিৰ ধৰ্না কাৰ্য্যসূচীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক প্ৰদান কৰিছে-
👉তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত শীঘ্ৰে অন্তর্ভূৰত কৰক।
👉খিলঞ্জীয়া জাতিধংসী অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ তিৱা স্বায়ত্ত পৰিষদ আৰু সংৰক্ষিত খণ্ড বেষ্টনীৰ এলেকাৰ পৰা অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক।
👉কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদত বসবাস কৰা তিৱা সকলক আঞ্চলিক স্বায়ত্ত পৰিষদ প্ৰদান কৰাৰ দাবীও উত্থাপন কৰা হয়।