নাজিৰা সমজিলা প্ৰশাসনৰ সৌজন্যত তথা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত নাজিৰা বিধান সভা সমষ্টিৰ মুঠ ৫০৪৯ গৰাকী হিতাধিকাৰীক আজি নাজিৰা মেকিপুৰ পূজা ফিল্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণৰ প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।
আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত দেৱব্ৰত শইকীয়াই ১৯ গৰাকী নিৰ্বাচিত হিতাধিকাৰীক মঞ্চত অনুমোদন পত্ৰ বিতৰণ কৰে।
উল্লেখ্য যে, প্ৰথম কিস্তিৰ ধন হিচাপে ৩৭,৫০০ টকা ঘৰ নিৰ্মাণৰ বাবে নিৰ্বাচিত হিতাধিকাৰী সকলৰ বেংক একাউণ্টত জমা দিয়া হব।
উক্ত অনুষ্ঠানত অসম চৰকাৰৰ আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লক্ষী সন্দিকৈ, নাজিৰা, শিমলুগুৰি আৰু আমগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া, কবিতা মেচ আৰু অনামিকা বৈষ্য, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সকল, নাজিৰা আৰু আমগুৰিৰ খণ্ড বিষয়া, মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, সমজিলা প্ৰশাসনৰ কৰ্মচাৰী সকল আৰু গৰিষ্ঠ সংখ্যক ৰাইজ উপস্থিত থাকে ।