নতুন দিল্লী, ১৭ আগষ্ট। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি তথা ইলেক্ট্ৰিক বাহন কোম্পানী টেছলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ বৃহৎ ঘোষণা। টুইটাৰ চুক্তি বাতিল কৰাৰ পিছত এতিয়া তেওঁ শীঘ্ৰেই ফুটবল ক্লাব মানচেষ্টাৰ ইউনাইটেড ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা এই সন্দৰ্ভত টুইট কৰি সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। 

মানচেষ্টাৰ ইউনাইটেডৰ নিয়ন্ত্ৰণত আছে আমেৰিকান গ্লেজাৰ পৰিয়াল। মাস্কৰ এই টুইটত উক্ত পৰিয়ালে এতিয়াও কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। মানচেষ্টাৰ ইউনাইটেড বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবল ক্লাব। এই ক্লাবটোৱে ২০ বাৰকৈ অভিলেখ গঢ়ি ইংলেণ্ডৰ চেম্পিয়ন হোৱাৰ লগতে বিশ্বৰ ক্ৰীড়াৰ আটাইতকৈ সন্মানীয় ক্লাব প্ৰতিযোগিতা ইউৰোপিয়ান কাপত তিনিবাৰকৈ জয়লাভ কৰিছে।

মঙলবাৰলৈকে এই ফুটবল ক্লাবৰ বজাৰ মূল্য আছিল ২.০৮ বিলিয়ন ডলাৰ। যোৱা কেইবছৰত মানচেষ্টাৰ ইউনাইটেডৰ অনুৰাগীসকলে গ্লেজাৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰাটো তাৎপৰ্যপূৰ্ণ। ২০০৫ চনত পৰিয়ালটোৱে ৭৯০ মিলিয়ন পাউণ্ড (৯৫৫.৫১ মিলিয়ন ডলাৰ)ত এই ক্লাবটো ক্ৰয় কৰিছিল। মানচেষ্টাৰ ইউনাইটেড কিনা সন্দৰ্ভত মাস্কে কৰা টুইটটোৱে কেই মিনিটৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।