ৰহাৰ চাপৰমুখ পশ্চিম কচুৱা দৌল গোবিন্দ মন্দিৰত প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ৭৯তম্ শ্ৰীশ্ৰী দৌল গোবিন্দ উৎসৱ অহা ১৩মাৰ্চৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
পশ্চিম কচুৱা নামঘৰ,দৌল মন্দিৰ আৰু দৌল উৎসৱ উদযাপন সমিতিৰ সভাপতি শৰৎ বৰা,উপ সভাপতি মলিন বৰা আৰু সম্পাদক ফুনু শৰ্মাই জানিব দিয়ে যে অহা ১৩ মাৰ্চত পূবা ৭বজাত উৎসৱৰ শুভাৰম্ভ, ৮বজাত পতাকা উওোলন আৰু ১০বজাত নাম প্ৰসংগ,সন্ধ্যা ৭বজাত মেঘ দাহ আৰু অধিবাস।
দ্বিতীয় দিন ১৪মাৰ্চত পূবা ৬বজাত উষা কীৰ্তন, ৭বজাত জল যাত্ৰা,৮বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,৯বজাৰ পৰা মূল পুজা আৰম্ভ আৰু দুপৰীয়া ১২বজাৰ পৰা মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দৰ শিৰত ফল্গু আৰু পুষ্পাঞ্জলী প্ৰদান।
১বজাত পুনৰ নিৰ্মিত দৌল মন্দিৰ মজিয়া উদ্বোধন আৰু হোম যজ্ঞ আৰম্ভ হব।
বিয়লী পূৰ্নাহুতি আশাংসা শান্তি নিৰ্মালী আদি প্ৰদান। তাৰ পাছত প্ৰসাদ বিতৰন আৰু অভ্যৰ্থনা আৰু সন্ধ্যা আৰতি।
নিশা ৮বজাত অভিজিত ভট্টাচাৰ্য্য ৰচিত আৰু হিৰন্য ভট্টাচাৰ্য্যৰ পৰিচালনাৰে আৰু স্থানীয় শিল্পী সকলৰ দ্বাৰা সামাজিক নাট "তেজ্য পুত্ৰ" প্ৰদৰ্শিত কৰা হব।
দৌল উৎসৱ ৰ ৩য় তথা অন্তিম দিন ১৫মাৰ্চত পূবা ৯বজাত মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দৰ বিহিত পুজা সমাপন,হোলি উৎসৱ আৰু দুপৰীয়া ১বজাৰ পৰা মহাপ্ৰভু শ্ৰী দৌল গোবিন্দৰ নগৰ ভ্ৰমন আৰু নিশা ৯বজাত তিনি দিনীয়া উৎসৱৰ সামৰণ অনুষ্ঠান অনুষ্ঠিত হব।