শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২৫-২৬ এপ্ৰিলত দ্বাদশ সংখ্যক বাৰ্ষিক ৰঙালী বিহু সন্মিলন আয়োজন কৰা হৈছে।
শিৱসাগৰ জিলা সন্থাৰ এক শক্তিশালী আঞ্চলিক সমিতি শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত বিগত ১১ বৰ্ষৰ দৰে এইবাৰো অহা ২৫ ৰ ২৬ এপ্ৰিলত কাকযান খেলপথাৰত অনুষ্ঠিত হ’ব দ্বাদশ সংখ্যক ৰঙালী বিহু সন্মিলন। সেই উদ্দেশ্যেৰে ধিতাইপুখুৰী আদৰ্শ বিদ্যালয়ত ,বিদ্যালয়ৰ প্ৰধান শিক্ষক উত্তম গগৈৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। শিৱসাগৰ জিলা সন্থাৰ সহকাৰী সম্পাদক প্ৰীতম বৰগোহাইয়ে আঁত ধৰা সভাত সুৰেণ দত্ত, চন্দ্ৰ বৰা , প্ৰশান্ত দত্ত, দিলীপ শইকীয়া, অজয় বৰুৱা, মহেন্দ্ৰ বৰা, কমল দত্ত, প্ৰাঞ্জল চেতিয়া, ৰাম গগৈ, , মুনিন্দ্ৰ কোৱঁৰ, ৰাণা কোৱৰ, চিন্ময় শৰ্মা কে ধৰি বহুকেইগৰাকী সমাজকৰ্মী-বিহুপ্ৰেমী ব্যক্তিয়ে বক্তব্য আগবঢ়াই ৰঙালী বিহু আয়োজন সম্পৰ্কত দিহা পৰামৰ্শ প্ৰদান কৰে। উক্ত ৰাজহুৱা সভাতে শিক্ষাবিদ প্ৰণৱ বুঢ়াগোহাইক সভাপতি, ৰজত দত্ত, নিৰঞ্জণ মহন্ত, বিদুৎ কোৱঁৰ ক কাৰ্যকৰী সভাপতি, ছাত্ৰনেতা মানৱ হাজৰিকাক প্ৰধান সম্পাদক, পাৰ্থপ্ৰতীম বৰা আৰু প্ৰীতম বৰগোহাইক যুটীয়া সম্পাদক হিচাপে লৈ এখনি আয়োজক সমিতি গঠন কৰা হয়।ইফালে বিগত বৰ্ষসমূহৰ এইবাৰো সৰ্বমুঠ প্ৰাইজমণি একলাখ পঞ্চাছ হাজাৰ টকা। উল্লেখযোগ্য যে, এইবাৰ বিহু সন্মিলন খনত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকাই অংশগ্ৰহন কৰিব। শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুশান্ত দত্ত আৰু সম্পাদক ননীমাধৱ দত্তই শিৱসাগৰবাসীৰ সহযোগিতা একান্তই কামনা কৰিছে। ৰঙালী বিহু সন্মিলন সম্পৰ্কে আয়োজক সমিতিয়ে ৭০০২৪৮১৯৫১,৯১০১০১৯৮৬২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।