ৰহাৰ গড়মাৰীত মহিলা সকলৰ দ্বাৰা পৰিচালিত ৫১ জনীয়া ৰঙালী বিহু উদযাপন সমিতি গঠন কৰা হয়।

    বৰ্ষ ২০১০ত স্থাপিত মহিলাৰ দ্বাৰা পৰিচালিত ৰহা গড়মাৰী ৰঙালী বিহু উদযাপন সমিতিৰ আজি অনুষ্ঠিত সভাত সৰ্বসম্মতিত টুটুমনি বৰাক সভানেত্ৰী, মিনু ভূঞা,ৰেনু লস্কৰ কাকতি, মনু বৰুৱা ক উপ সভানেত্ৰী, অজন্তা ভূঞা ক সম্পাদিকা,ৰাজশ্ৰী লস্কৰ কাকতি, ৰুপুমনি বৰাক সহ সম্পাদিকা, শিখা কাকতিক সাংগঠনিক সম্পাদিকা, পপী দেবী, জুপিতৰা বৰুৱা ক সাংস্কৃতিক সম্পাদিকা, লিনা ডেকা,মীনাক্ষী বৰাক খেল সম্পাদিকা আৰু কিৰন হীৰাক কোষাধক্ষ্য হিচাপে লৈ ৫১ জনীয়া ৰহা গড়মাৰী ৰঙালী বিহু উদযাপন সমিতি গঠন কৰা হয়।

    সভাত সমাজকৰ্মী দিব্যজ্যোতি হাজৰিকা, নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপ সভাপতি সঞ্জয় কুমাৰ কাকতি সহ স্থানীয় পুৰুষ মহিলা আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।