যোৱা ১৬ জানুৱাৰীত ৰহা কপিলী শিক্ষা খণ্ডৰ  শিক্ষা খণ্ড বিষয়া ৰুপে দায়িত্ব ভাৰ গ্ৰহন কৰা নৱ নিযুক্ত শিক্ষা খণ্ড বিষয়া বিজয় ক'ৰ ক আজি কপিলী শিক্ষা খণ্ড বিষয়া কাৰ্যালয় ত ৰহা কপিলী শিক্ষক সন্মিলমীয়ে এখন এখন ফুলাম গামোচাৰ আৰু চেলেং ৰে সম্বৰ্ধনা জনাই।

     ৰহা কপিলী শিক্ষক সন্মিলনীৰ সম্পাদক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠান ত সন্মিলনীৰ সভাপতি ৰঞ্জিত পাতৰ,উপদেষ্টা সুৰেশ বৰা,সহ সম্পাদক ৰঞ্জন ডেকা,দিলীপ বৰা,ৰঞ্জন নাথ সহ সদস্য সকল উপস্থিত থকাৰ লগতে শিক্ষা বিষয়াৰ লগত আলোচনাত মিলিত হয়।