সাহিত্য সাংস্কৃতিক ক্ষেত্ৰৰ অগ্ৰনী অনুষ্ঠান পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী,ভবানীপুৰে সাহিত্য সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অবদানৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৩গৰাকী সাহিত্যিক, সমাজসেৱী আৰু মানব সেবাত ব্ৰতী বঁটাৰ বাবে নামৰ ঘোষনা কৰাৰ লগতে নগাঁও নিবাসী তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ শিক্ষয়ত্ৰী নিবেদিতা শইকীয়া লৈ "দেবদাস এক অসমাপ্ত প্ৰেম গাথা"গ্ৰন্থৰ বাবে শব্দ সৌৰভ বঁটা ২০২৪ ৰ বাবে বাচনি কৰা হৈছে।

    বঁটা পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী বাৰ্ষিক সভাত অনুষ্ঠানিক ভাবে প্ৰদান কৰা হব।

     যোৱা বছৰ দৈনিক পূৰ্বোদয়,ৰহাৰ সাংবাদিক চয়েল খেতান ক সংবাদ লহৰ গ্ৰন্থৰ বাবে পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠীয়ে শব্দ সৌৰভ বঁটা ২০২৩প্ৰদান কৰা হৈছিল।