১৯০৫বৰ্ষত স্থাপিত ঐতিহ্যমণ্ডিত শিক্ষাৰ আলোকস্তম্ভ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী সমাৰোহ ১২০বছৰীয়া জয়ন্তী অহা ১৭ জানুৱাৰী ৰ পৰা তিনি দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আৰম্ভ হব ইয়াৰ বাবে উদযাপন সমিতিৰ লগতে বিভিন্ন উপ সমিতি সমূহে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
শতাব্দী সমাৰোহ লগত সংগতি ৰাখি আজি পূবা ৯বজাত উদযাপন সমিতিৰ উপ সভাপতি হাচিৰাম বৰদলৈয়ে বৃক্ষৰোপন কৰাৰ লগতে অৱসৰ প্ৰাপ্ত শিক্ষা গুৰু সকলৰ পবিত্ৰ স্মৃতিত নিৰ্মান কৰা ৬খন তোৰন দ্বাৰ উন্মোচন কৰে ক্ৰমে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ জিতেন্দ্ৰ নাথ শৰ্মা, অৱসৰ প্ৰাপ্ত শিক্ষক গজেন্দ্ৰ কলিতা, ঘনকান্ত ডেকা, ক্ষীৰোদ হাজৰিকা,অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী দেহেশ্বৰী দাস আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি সোমেশ্বৰ বলদলৈয়ে।
এই উপলক্ষে শতাব্দী সমাৰোহ উদযাপন সমিতি,উপ সমিতি সমূহৰ প্ৰতিনিধি,সদস্য সদস্যা,বিদ্যালয় ৰ প্ৰাক্তন আৰু কৰ্মৰত শিক্ষক. শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি।
শতাব্দী সমাৰোহ ৰ প্ৰথম দিন ১৭ জানুৱাৰী ত পূবা বিদ্যালয় ৰ পতাকা বিদ্যালয় ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ মুখ্য সম্পাদক প্ৰভাত চন্দ্ৰ নাথ আৰু ১২০ বছৰীয়া জয়ন্তী উপলক্ষে ১২০ খন পতাকা উওোলন কৰা হব।
মুল পতাকা উদযাপন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ডেকাই উওোলন কৰাৰ লগতে ১১৯খন পতাকা জ্যেষ্ঠ আৰু বিশিষ্ট ব্যক্তি সকলে উওোলন কৰি তিনি দিনীয়া শতাব্দী সমাৰোহ ৰ শুভাৰম্ভ কৰাৰ লগতে শ্বহীদ তৰ্পন,পুষ্পাঞ্জলী অৰ্পন কৰাৰ পাচত মুল তোৰন দ্বাৰ উন্মোচন আৰু শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰা হব।লগতে বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হোবাৰ লগতে সন্ধিয়া ৬বজাৰ পৰা অনুষ্ঠিত হব লগা হিৰন্য নাৰায়ন বৰা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰিব নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। সাংস্কৃতিক অনুষ্ঠান ত জনপ্ৰিয় কন্ঠশিল্পী মৰ্মিতা মিত্ৰই গীতৰ শৰাই আগবঢ়াব।
দ্বিতীয় দিন ১৮ জানুৱাৰী ত প্ৰাক্তন শিক্ষাৰ্থী আদৰণি অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণেৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় অতীত,বৰ্তমান আৰু ভবিষ্যৎ শীৰ্ষক আলোচনা সভা অনুষ্ঠিত হব
চিত্ৰাংকন,কুইজ প্ৰতিযোগিতা আৰু শতাব্দী সমাৰোহ স্মাৰক গ্ৰন্থ সঞ্জীৱনী আৰু অৱসৰ প্ৰাপ্ত শিক্ষা গুৰু সকলৰ দ্বাৰা প্ৰণীত অনুভবৰ সঁফুৰা শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হব।
শিক্ষাবিদ ধৰ্মসিং ডেকা সোঁৱৰণী সাংস্কৃতিক নিশাৰ উদ্বোধন জ্যোতি চিত্ৰবন অধ্যক্ষ বিদ্যাসাগৰে কৰাৰ লগতে মুখ্য অতিথি ৰূপে বিশিষ্ট সংগীত শিল্পী তথা প্ৰাক্তন ছাত্ৰী দুৰ্গাময়ী ভূঞা উপস্থিত থকাৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী সকলৰ সংগীতানুষ্ঠান আৰু অসম সাংস্কৃতিক সঞ্চালকালয়ৰ শিল্পী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।
শতাব্দী সমাৰোহ ৰ ৩য় তথা অন্তিম দিন ১৯ জানুৱাৰী ত বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা আৰু মুকলি সভা অনুষ্ঠিত হব।
সন্ধিয়া ৬বজাৰ পৰা প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাস সোঁৱৰণী সাংস্কৃতিক নিশাৰ উদ্বোধন ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান ত গীতৰ শৰাই আগবঢ়াব জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱাই।
উদযাপন সমিতিয়ে সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতিৰ কামনা কৰিছে।