শিশু সকলৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে বৰ্ষ ১৯৯৪ৰ ১জানুবাৰীত স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাই বৰ্ষ ২০২৫ত ৩১তম্ বৰ্ষত পদাৰ্পন কৰিব।

        সেইয়ে অহা ১জানুবাৰীত ৩১তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰহা মজলীয়া বিদ্যালয় ত দিনৰ দুই বজাত শাখা পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে শিশু সকলৰ মাজত কবিতা আবৃতী,গীত নৃত্যও অনুষ্ঠিত হব বুলি অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰ প্ৰধান পৰিচালক,শিশুপ্ৰিয় অবনি কুমাৰ শইকীয়া আৰু প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে জানিব দিয়ে।

    নাৰ্চাৰি শ্ৰেণীৰ পৰা দশম শ্ৰেনীলৈকে অনুষ্ঠিত হব লগা চিত্ৰাংকন প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰী সকলক আৰ্ট পেপাৰ কবিতা ঘৰৰ ফালৰ পৰা দিয়া হব লগতে অন্য সঁজুলি লগত আনিব লাগিব আৰু ছাত্ৰ ছাত্ৰী সকলে লগত আধাৰ কাৰ্ড আৰু বিদ্যালয় পৰিচয় পত্ৰ লগত আনিবলৈ কবিতা ঘৰে আহ্বান জনাইছে।

        লগতে প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে জানিব দিয়ে অহা মাৰ্চ মাহত প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্নাট্য কাৰ্য্যসূচী ৰ আয়োজন কৰা হব ।