গুৱাহাটী,১৭ আগষ্টঃ নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি। দলৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ত্তমানৰ কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা আৰু সৰ্বানন্দ সোণোৱালক স্থান দিয়াৰ বিপৰীতে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন গাডকাৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক এই সমিতিৰ পৰা অপসাৰণ কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে ১৫ জন সদস্যৰে গঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো স্থান লাভ কৰিছে সৰ্বানন্দ সোণোৱালে। বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি গঠন কৰিছে।

এই সমিতিত স্থান লাভ কৰা সদস্যসকল হৈছে জে পি নাড্ডা (সভাপতি), নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমিত শ্বাহ, বি এছ য়েদিয়ুৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জটিয়া, ভূপেন্দ্ৰ যাদৱ, দেৱেন্দ্ৰ ফড়নাবিছ, ওম মাথুৰ, বি এল সন্তোষ আৰু বনাথী শ্ৰীনিবাস।