কলাইগাঁৱত মাতৃ সমাৰোহ সম্পন্ন
দৰং জিলাৰ কলাইগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত টেঙাবাৰী সমল কেন্দ্ৰত আজি সমল ভিত্তিত আয়োজিত মাতৃ সমাৰোহ সফল পৰিসমাপ্তি ঘটে। মহিলা সকলৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে টেঙাবাৰী গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰেক্ষাগৃহত টেঙাবাৰী সমল কেন্দ্ৰৰ অধীনস্থ আঠখন বিদ্যালয়ৰ সমাহাৰ ঘটা মাতৃ সমাৰোহত দৌৰ, অন্ধ নিচান, কবিতা আবৃত্তি আৰু একক অভিনয় প্ৰতিযোগিতাত আই মাতৃ সকলৰ অংশগ্ৰহণ আছিল অপূৰ্ব। সমাৰোহ উপলক্ষে বিয়লি বিশিষ্ট সমাজকৰ্মী কৃষ্ণ কান্ত বড়োৰ সঞ্চালনাত গীত-মাত-কথাৰে অনুষ্ঠিত মাতৃ সমাৰোহত বিশিষ্ট অতিথি হিচাপে বিদ্যালয় পৰিদৰ্শক সমৰেন্দ্ৰ চহৰীয়া, কলাইগাঁও আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বিনু ডেকা আৰু নিদিষ্ট বক্তা হিচাপে বালিপোতা হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী মাধৱী নাথে শিক্ষাৰ গুৰুত্ব আৰু মাতৃ সমাজৰ ভূমিকা সন্দৰ্ভত পাণ্ডিত্যমূলক ভাষণ প্ৰদান কৰে। উল্লেখ্য যে টেঙাবাৰী সমল কেন্দ্ৰৰ সমন্বয়ক মাইনু ডেকা আৰু টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হৰকান্ত নাথে উদেশ্য বাখ্যা তথা আঁত ধৰা সমাৰোহত বিশিষ্ট কণ্ঠশিল্পী ৰেণু শইকীয়াই আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰি পৰিবেশন কৰা গীতে অনুষ্ঠানটি জীপাল কৰি তুলিছে। সমাৰোহত টেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শুক্লেশ্বৰ ডেকা আৰু সক্ৰিয় অভিভাৱক মীৰা ডেকাই শৈক্ষিক দিশৰ ওপৰত আলোকপাত কৰে। আটাইকেইখন বিদ্যালয়ৰ প্ৰধান তথা সহকাৰী শিক্ষক সকল উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কলাইগাঁও শিক্ষা খণ্ডৰ সমল ব্যক্তি দীপক শৰ্মা ,উৎপল শইকীয়া আৰু গৰুবান্ধা হাইস্কুলৰ প্ৰধান শিক্ষক কেশৱ চহৰীয়া আৰু কলাইগাঁও প্ৰেছ ক্লাৱৰ সভাপতি টংকেশ্বৰ বৰুৱাই বিশেষভাৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই গৰুবান্ধা হাইস্কুলৰ সহকাৰী শিক্ষক শৈলেন্দ্ৰ চমুৱাই।