ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ, সিংহ পুৰুষ শ্ৰীশ্ৰী অচ্যুতচন্দ্ৰ দেৱ গোস্বামী স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন।

ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ অচ্যুত চন্দ্ৰ দেৱগোস্বামী স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানটি  সুকলমে সামৰণি পৰে।

লখিমপুৰ জিলাৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা মাৰিয়াচ চিলড্ৰেন একাডেমী তথা বচাগাঁৱৰ ভাগ্যশ্ৰী দাসক প্ৰদান কৰা হয় এই বিশেষ সম্বৰ্ধনা। 

অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণত মেধাৱী ছাত্ৰী গৰাকীলৈ এটি সোণৰ পদক,চেলেং, গ্ৰন্থৰ টোপোলা, নগদ ধন,শৰাই আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে উৎসৱ উপ - সমিতয়ে ২০১০ চনৰ পৰা অনুষ্ঠিত কৰি আহিছে এই স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান। 

 এই অনুষ্ঠানত সহকাৰী আয়ুক্ত, মহকুমা স্বাস্থ্য বিষয়া,কেইবাগৰাকী আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰাৰ লগতে অভিভাৱক আৰু কেইবা শতাধিক ছাত্র ছাত্ৰী উপস্থিত থাকে।