দিৰৈ ৰাঙলীত ১নং নিৰ্মলীয়া নৱ আলোক যুৱ সংঘৰ সাধাৰণ সভা সম্পন্ন 

যুৱ সংঘৰ নতুন সমিতি আৰু মহিলা সমিতি গঠন 

 চৰাইদেউ জিলাৰ অন্তৰ্গত দিৰৈ ৰাঙলী অঞ্চলৰ ১ নং নিৰ্মলীয়া নৱ আলোক যুৱ সংঘৰ সাধাৰণ সভাৰ লগত সংগতি ৰাখি ১নং নিৰ্মলীয়া গাঁওৰক্ষী বাহিনী আৰু যুৱ সংঘৰ উদ্যোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱা উদেশ্যে ১৫ আগষ্টত এটি অনুষ্ঠান সম্পন্ন হৈ যায় ৷ পুৱা ৮-০০ বজাত জাতীয় পতাকা উত্তোলন কৰে বিশিষ্ট সমাজ কৰ্মী তথা গাঁও প্ৰধান পূৰ্ণেশ্বৰ বৰুৱাই ৷ পুৱা ১০ বজাত যুৱ সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ উপ-সভাপতি তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদক হৰেশ বৰুৱাই ৷ দিনৰ ১২ বজাত সাধাৰণ সভা আৰম্ভ কৰা হয় ৷যুৱ সংঘৰ উপ-সভাপতি তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদক হৰেশ বৰুৱাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে যুৱ সংঘৰ সভাপতি নবীন বাইলুঙে ৷ যুৱ সংঘৰ সম্পাদক সুনিল কোঁৱৰে উদেশ্য ব্যাখ্যা কৰা সভাত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ক্ৰমে,ৰৱচন গগৈ,মানস প্ৰতীম লাহন,সুদৰ্শনা বৰগোহাঁই,জুনমনি ফুকন আৰু ২০২২ বৰ্ষৰ ডি,ৱাই ৩৬৫ ৰ আকাশ চুবৰ মন অনুষ্ঠানটিত নৃত্য প্ৰদৰ্শন কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা খেৰণি পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা ১নং নিৰ্মলীয়া গাঁৱৰ নিবাসী মৃদুস্মিতা বৰগোহাঁইক অসমৰ স্বাভিমান গামোচা,কিতাপৰ টোপোলা আৰু একোখনকৈ প্ৰেৰণা প্ৰত্ৰৰে অভিনন্দন জ্ঞাপন কৰা হয় ৷ সভাত স্বপ্না শিখা গগৈয়ে কবিতা পাঠ কৰাৰ উপৰি মৃদুস্মিতা বৰগোহাঁই,সুকন্যা কোঁৱৰ,উজ্বীবিতা কোঁৱৰে নৃত্য প্ৰদৰ্শন আৰু সুমেন লিকচনে সংগীত পৰিবেশন কৰে ৷সভাত গাঁও প্ৰধান পূৰ্ণেশ্বৰ বৰুৱা,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ অভিভক্ত শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰুহিত শইকীয়া,প্ৰধান শিক্ষক প্ৰফুল্লপ্ৰাণ মহন্ত,অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে, ৰূপেশ্বৰ কোঁৱৰ,প্ৰভাত দুৱৰা,প্ৰদীপ বৰুৱা,সমাজকৰ্মী যোগেশ্বৰ বাইলুং , তিলেশ্বৰ গগৈ,কাকতিবাৰী থানা পৰিচালনা সমিতিৰ সম্পাদক দিগন্ত আৰান্ধাৰা,দিৰৈ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক তিলেশ্বৰ খামন,সম্পাদক ফৰিদ আলি আদি উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷ যুৱ সংঘৰ আগন্তুক কাৰ্যকালৰ বাবে প্ৰদীপ বৰুৱাক সভাপতি ,শিৱ গগৈক সম্পাদক হিচাপে লৈ মুঠ ২১ জনীয়া সমিতি আৰু স্বপ্না শিখা গগৈক সভানেত্ৰী,মানসী কোঁৱৰক উপ-সভানেত্ৰী,ৰুমী গগৈক সম্পাদিকা,নমিতা ফুকনক সহ-সম্পাদিকা হিচাপে লৈ মুঠ ২৩ জনীয়া এখন নতুন মহিলা সমিতি গঠন কৰা হয় ৷ যুৱ সংঘৰ উপ-সভাপতি তথা ১নং নিৰ্মলীয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক হৰেশ বৰুৱাৰ শলাগৰ শৰাইৰে অনুষ্ঠানটিৰ সামৰণি মৰা হয় ৷