ৰহাত অহা ১১ডিচেম্বৰত গীতা জয়ন্তী উপলক্ষে গীতাৰ সপ্তদশ অধ্যায় ৰ সামুহিক পাঠ ৰ আয়োজন হব।

    সংস্কৃত ভাৰতী ৰ উদ্যোগত গীতা জয়ন্তী পালন কৰাৰ লগতে নগাঁও জিলা ৰ বিভিন্ন প্ৰান্তত গীতা জয়ন্তী উপলক্ষে গীতা পাঠ ৰ আয়োজন কৰাৰ সমান্তৰালকৈ সংস্কৃত ভাৰতী ৰহা প্ৰখণ্ড ৰ সৌজন্যত অহা ১১ডিচেম্বত গীতা জয়ন্তী উপলক্ষে দিনৰ ৩বজাৰ পৰা ৰহা বজাৰ স্থিত সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাংগনত গীতাৰ সপ্তদশ অধ্যায়ৰ সামুহিক পাঠ ৰ আয়োজন হব সেইয়ে আয়োজন সমিতিয়ে সমূহ ভক্ত প্ৰান ৰাইজৰ উপস্থিতিৰ কামনা কৰিছে।

     গীতা জয়ন্তী আয়োজনক লৈ আজি দিনৰ ৩বজাৰ ৰহা সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাংগনত সংস্কৃত ভাৰতী আৱাসীয় প্ৰবোধন বৰ্গ স্বাগত সমিতিৰ সভাপতি ৰামনিবাস শৰ্মাৰ সভাপতিত্ব আৰু সম্পাদক সুৰেন্দ্ৰ কুমাৰ নাথৰ উদ্দেশ্য ব্যাখ্যা ৰে এখন সভা অনুষ্ঠিত হয়।

      লগতে সংস্কৃত ভাৰতী উওৰ অসম প্ৰান্তৰ বিদ্যালয় সমুহৰ কাৰ্য্য প্ৰমুখ অনিৰ্বাণ শৰ্মাই জানিব দিয়ে যে অহা ২জানুবাৰীত ৰহা মহাবিদ্যালয় ত সংস্কৃত ভাৰতী উওৰ প্ৰান্তৰ উদ্যোগত ১০ দিনীয়া আৱাসীয় প্ৰবোধন বৰ্গ অনুষ্ঠিত হব আৰু বৰ্গ ত বিভিন্ন জিলাৰ পৰা অহা ১০০শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিব।

           সেইয়ে সংস্কৃত ভাৰতী উওৰ অসম প্ৰান্তৰ সহ মন্ত্ৰী ৰাজেন আচাৰ্য ৰহাত উপস্থিত হৈ প্ৰবোধন বৰ্গ স্বাগত সমিতিৰ লগত মিলিত হৈ আৰু বৰ্গ প্ৰস্তুতি ৰ বিষয়ে সমিতিয়ে অবগত কৰে।