সুৰেন্দ্ৰ লোহাৰলৈ ২০২৪ বৰ্ষৰ বিশিষ্ট যুৱ শিল্পী বঁটা*
=======<=
সোণাৰিৰ:- চৰাইদেউৰ সোণাৰি ৰাইডঙীয়াত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপিত হ'ল ঝুমুৰ সন্মিলন আৰু সজাগতা সভা।
সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত ৰাইদঙ্গীয়া নকচাৰী গাঁওৰ আতিথ্য আৰু চৰাইদেউ জিলাবাসী ৰাইজৰ সহযোগত যোৱা ২৩ নৱেম্বৰত অনুষ্ঠিত অনুষ্ঠানটোত চিত্ৰাংকন, কবিতা আবৃত্তি, ঝুমুৰ নৃত্য আদি প্ৰতিযোগীতাও অনুষ্ঠিত কৰা হয়।
কাৰ্যসূচী অনুসৰী পুৱা ৭বজাত পৰিবেশ নিকাকৰণ কৰে প্ৰধান শিক্ষয়ত্ৰী খেৰদঙ্গীয়া প্ৰা:বিদ্যালয়, সংগঠনটিৰ পতাকা উত্তোলন কৰে পৰিষদৰ চৰাইদেউ জিলা সভাপতি ৰাজু ওৰাঙে তেওঁক সহযোগ কৰে উপদেষ্টা বলু তাছাই, শ্বহীদ তৰ্পণ কৰে পৰিষদৰ জিলা সম্পাদক জাকিৰ আহমেদক সহযোগ আগবঢ়াই উপদেষ্টা চন্দ্ৰ ভূঁইয়ে,
উপদেষ্টা বুবুল আহমেদে গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতে কেইবা হাজাৰ লোকৰ সহযোগত ওলহ মালহেৰে বৃহৎ সাংস্কৃতিক শুভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰমেন চৌধুৰীয়ে, সাংস্কৃতিক শুভাযাত্ৰাত চৰাইদেউ জিলাৰ অগ্ৰণি শিক্ষানুস্থান ছেইন্ত জুছেফ স্কুল সোণাৰি , সোণাৰি নগৰ উচ্চ মাধ্যমিক বিদ্যালয়, খেৰদঙ্গীয় প্ৰা: বিদ্যালয় আদি স্কুলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
সাংস্কৃতিক শুভাযাত্ৰাৰ পিছতে বিনামূলীয়া স্বাস্হ্য শিবিৰ অনুষ্ঠিত হয় ইয়াত সহযোগীতা কৰে ডিব্ৰুগড়স্থিত এম.এফ.চিকিৎসালয় আৰু চৰাইদেউ জিলা চিকিৎসালয়।
সন্ধ্যা ৬:৩০বজাত চৰাইদেউ জিলাত অগ্ৰণি ভূমিকা গ্ৰহণ কৰা চিকিৎসক ডা:ৰাজেন গগৈ, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শিক্ষক হাইদৰ আলি , ৰাজ্যিক যুৱ ক্ৰিকেট খেলৱৈ বিশাল শইকীয়াৰ পৰিয়ালৰ উপস্হিতিত সমজুবা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। এক মিনিট মৌন প্ৰাৰ্থনাৰে তেওঁ লোকৰ বিদেহ আত্মাৰ সদ্গতি কামনা সমূহ ৰাইজৰ উপস্হিতি কামনা কৰা হয়।
জেটলিনা আৰু তেওঁৰ দলে পৰিবেশন ভূপেন্দ্ৰ সংগীত (সমবেত ) পৰিবেশনেৰে মুকলি সভা , সজাগতা সভা , বঁটা প্ৰদান অনুষ্ঠান আৰু সম্বৰ্ধনা সভা অনুষ্ঠানৰ শুভাৰম্ভনি কৰে।
পদ্মকুমাৰী বালিকা উ:মা: বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক মণি গগৈৰ সঞ্চালনা কৰা মুকলি সভাত ঝুমইৰ ওপৰত" বিশদভাবে পৰ্যালোচনা আগবঢ়াই মুখ্য বক্তা ঝুমইৰ গুৰু ভদ্ৰ্ৰ ৰাজোৱাৰে," বিদ্যালয় আধাতে এৰাৰ "ওপৰত পৰ্যালোচনা আগবঢ়াই সোণাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ সুনীল দত্তই, "বাল্যবিবাহ" ৰ ওপৰত পৰ্যালোচনা কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড০ৰঘুনাথ কাগয়ুংয়ে, "শিশু সুৰক্ষা" ৰ ওপৰত পৰ্যালোচনা আগবঢ়াই চৰাইদেউ জিলা শিশু সুৰক্ষা বিষয়া ড০প্ৰিটিমনি গগৈ ফুকনে, শিশু পোষণ অভিযান বিষয়ে চৰাইদেউ জিলা পোষণ সমন্বয়ক দ্বীপেন বৰুৱাই।
মুখ্য অতিথি হিচাপে উপস্হিত থাকে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সন্দীপ প্ৰসাদ নেওঁগ,
বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (একত্ৰিকৰণ) জিলা সভাপতি চন্দন ঘাটোৱাৰ, আদিবাসী যুৱ পৰিষদ,অসম ৰ সভাপতি য়াকুব চান্দী গোৰীয়া, অসম চাহ মজদুৰ সংঘৰ ৰাজেন তেলি, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক প্ৰণৱ বৰগোহাঁই, ৰেডক্ৰচ্ ৰ স্বপন কৰ, সমাজকৰ্মী ৰহেন্দ্ৰ মৰাণ , সমাজকৰ্মী মণিদ্বীপ মহন, সমাজকৰ্মী বিদ্যুত্ শইকীয়াই।
উক্ত অনুষ্ঠানতে ২০২৪ বৰ্ষৰ বিশিষ্ট "যুৱ শিল্পী বঁটা" কণ্ঠশিল্পী, সুৰকাৰ' গীতিকাৰ সুৰেন্দ্ৰ লোহাৰক প্ৰদান কৰা হয়।
লগতে সংবাদ সাহিত্য জগতত অগ্ৰণি ভূমিকা গ্ৰহণ কৰা আছাম তকছৰ তিলু লাহন , দূৰদৰ্শনৰ নবুল কোঁৱৰ, অসমীয়া প্ৰতিদিনৰ প্ৰণব বৰগোহাঁই, ডিৱাই ৩৬৫ৰ বিপিন হাজৰিকা, দৈনিক জনমভূমিৰ মৃত্যুঞ্জয় দাস, প'ৰ্টেলৰ অনিল চুনাকো সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পিছতে শান্ত চাংমাইৰ দ্বাৰা পৰিচালনা কৰা সংস্কৃতিক কলা কেন্দ্ৰৰ দলিয় বাৰে- ৰহনিয়া নৃত্য প্ৰদৰ্শনে সাংস্কৃতিক সন্ধ্যাৰ শুভউদ্বোধন কৰে।
এই সাংস্কৃতিক সন্ধ্যাত আয়ুষ আৰমান, প্ৰিন্স ৰিয়ান, জেকলিনা, এঞ্জেলিনা, সমীৰণ বিৰুদেৱ আৰু সুৰেন্দ্ৰ লোহাৰৰ ঝুমইৰ গীতৰ শৰাই।