অসমৰ চৰকাৰী মাধ্যমৰ বিদ‍্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান এই দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহন কৰাকলৈ , আৰু কেইবাটাও দাবীৰ প্ৰতিবাদত এই তিনি ঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট পালন কৰে সোণাৰি লাচিত উদ‍্যানত । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই কাৰ্যসূচীত কেইবাটাও অৰাজনৈতিক জাতীয় সংগঠনে অংশ গ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন মতামত আগবঢ়াই ।

আজিৰ লাচিত উদ‍্যানত এই গণ অৱস্থান ধৰ্মঘট অনুষ্ঠানত AJYCP ৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাই , কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু যোগাযোগ সম্পাদক চাবিৰ আহমেদ , কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক কুশল তেতিয়া আৰু জিলা সমিতিৰ বিষয় ববিয়া , আঞ্চলিক সমিতিৰ বিষয় ববিয়া আৰু বিভিন্ন দল সংগঠনৰ বিষয় ববিয়া সকল উপস্থিত থাকি কেইবাটাও দাবীত এই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।