চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ সেউজীয়াপাম অঞ্চলত অৱস্থিত ১৯৪০ চনতে স্থাপিত হোৱা মা মনসা মন্দিৰ । এই মা মনসা মন্দিৰৰ মহত্ত্ব আছে । বহু বছৰীয়া পুৰণা মা মনসা মন্দিৰ । প্ৰত্যেক বছৰে সেউজীয়াপাম মা মনসা মন্দিৰ ভাগত ভক্ত সকলে পূজা অৰ্চনা আগবঢ়াই নিজৰ মনৰ আশা দূৰ কৰে । মাজতে দুবছৰ কৰোণা মহামাৰিৰ পৰা পূজা ভাগ অনুষ্ঠিত কৰিব পৰা নগল । ১৯৪০ চনৰ পৰাই মা মনসা মন্দিৰত পূজা অৰ্চনা কৰি অহা গিয়াতিয়ে এইবছৰো জাতী বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক পূজালৈ নিমন্ত্ৰণ জনাই পূজা ভাগ অনুষ্ঠিত কৰে ।
প্ৰত্যেক বছৰে মা মনসা মন্দিৰৰ গিয়াতিয়ে সুন্দৰ ভাবে আধ্যাত্মিকতাৰে শাওন মাহৰ শেষত মা মনসা পূজা পালন কৰে । আৰু এই ভাগ পূজালৈ প্ৰায় সংখ্যক ভক্তৰ আগমন ঘটে । দাতীকিষৰীয়া অঞ্চলৰ লংপতীয়া বৰাহী আদি ঠাইৰ পৰাও ভক্ত সকল আহি নাম কীৰ্ত্তন কৰাত ব্যস্ত হৈ পৰে। লোক বিশ্বাস অনুসৰি ভক্ত সকলে মনৰ আশা বান্ধি মা মনসা দেৱীৰ স্বৰণত ধূপ দ্বিপ গোৱাপান আগবঢ়াই সেৱা কৰিলে মনৰ বাঞ্চা সিধি হয় । সেই গতিকে প্ৰত্যেক বৰ্ষৰৰ দৰে এই বছৰো সেউজীয়া পাম মা মনসা মন্দিৰত ভক্ত প্ৰাণৰাইজে হৰি কীৰ্ত্তন কৰি পালন কৰিছে মা মনসা পূজা ।