মাজুলী জিলা ক্ৰিকেট সন্থাৰ বাৰ্ষিক সভা.

মাজুলী কমলাবাৰীৰ ক্ৰিকেট পেভিলিয়ানত  গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাখনৰ আট ধৰে ক্ৰীয়াবিদ প্ৰতাপ বৰুৱাই ৷সভাখনত মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ আনন্দ হাজৰিকা , জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত , সমাজ কৰ্মী মনোজ বৰাকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে ৷ ক্ৰিকেট খেলোৱৈ সকলক আগৱাই নিয়াৰ বাবে কাম কৰিবলৈ এখন সমিতি গঠন কৰা হয় ৷ সভাখনত মাজুলীত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আদি খেলিব পৰা নিৰ্মীয়মাণ খেল পথাৰ খনে মাজুলীৰ দীৰ্ঘদিনৰ সমস্যা অৱসান ঘটাব বুলি মন্তব্য কৰে ৷