আজিৰে পৰা পুনৰ গা কৰি উঠিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে| ইতিমধ্যে সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতূত্বত আছুৱে বিয়লি ৩ বজাৰ পৰা গুৱাহাটীৰ শ্বহীদ ন্যাসত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰিছে|

আৰু এই কা বিৰোধী আন্দোলনৰ প্ৰতি অসম প্ৰদেশ কংগ্ৰেছেও জনাইছে সমৰ্থন|

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, একালৰ প্ৰভাৱশালী মন্ত্ৰী শৰত বৰকটকীকে ধৰি বহু কংগ্ৰেছীয়ে কৰিছে পুনৰ কা আন্দোলনৰ পোষকতা|

উল্লেখ্য যে পূৰ্বৰ দৰেই এইবাৰো সাধাৰণ লোকে কা আন্দোলনৰ প্ৰতি সমৰ্থন জনাবনে সেয়াহে লক্ষণীয় হ´ব|