অসম চৰকাৰে শেহতীয়াভাৱে অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমুহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে লগতে , ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়সমুহত মাতৃভাষা মাধ্যমত শিক্ষাদানৰ ব্যৱস্থা কৰা, প্ৰাথমিক বিদ্যালয় শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ ব্যৱস্থা কৰা আৰু ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰৰ ব্যৱধানত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত যুৱ -ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত এক "গণ অৱস্থান ধৰ্মঘট" কাৰ্য্যসূচী পালন কৰা হয় ।

এই কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সৌৰভ দাস, কেন্দ্ৰীয় সমিতিৰ অন্যতম উপদেষ্টা পুলক বৰা ডাঙৰীয়া , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য নাচিৰ আহমেদ, পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দেৱব্ৰত মেধি, সাধাৰণ সম্পাদক দীগন্ত বৰুৱা, উপ সভাপতি ক্ৰমে অমৰজ্যোতি বৰা, প্ৰিয়াংকু ডেকা, যুতীয়া সম্পাদক নিহাৰ শ‌ইকীয়াকে ধৰি বিশ্বনাথ জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য সকল আৰু বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতি সমুহৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্য সকল উপস্থিত থাকে।