শিৱসাগৰ:-- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যুৱ-বাণী অনুষ্ঠানত অহা ২১ নৱেম্বৰত সন্ধিয়া ৭-২০ বজাত প্ৰচাৰিত হ'ব অসমৰ খ্যাতিসম্পন্ন নাট্যকাৰ বলীন শৰ্মাৰ ৰচনাৰে নাটক " উলংগ বাস্তৱ"। উক্ত নাটকখন নিবেদন কৰিব শিৱসাগৰৰ উদীয়মান সামাজিক আৰু সাংস্কৃতিক সংস্থাৰূপে পৰিচিত "দৃশ্যপট শিৱসাগৰ" এ । উল্লেখযোগ্য যে, "উলংগ বাস্তৱ" শীৰ্ষক নাটখন যোৱা ৫ নৱেম্বৰত যুৱ পৰিচালক প্ৰদীপ্ত প্ৰাণ ভট্টাচাৰ্য্যৰ পৰিচালনাত সফলতাৰে বাণীবদ্ধ কৰিলে "দৃশ্যপট শিৱসাগৰ"ৰ যুৱ অভিনেতা-অভিনেত্ৰীসকলে। "উলংগ বাস্তৱ" নাটকখনৰ মূল বিষয়বস্তুৱে শ্ৰোতাৰ মনস্পৰ্শ কৰিবলৈ "দৃশ্যপট শিৱসাগৰ"ৰ সকলো যুৱ অভিনেতা আৰু অভিনেত্ৰীৰ কন্ঠস্বৰ, কন্ঠ সঞ্চালন, শব্দ প্ৰক্ষেপনৰ লগতে যুৱ অভিনেতা তথা "দৃশ্যপট শিৱসাগৰ" ৰ সম্পাদক অভিনৱ দেৱ কাশ্যপৰ সুন্দৰ আৱহ সংগীতে নাটখনিক অন্য এক মাত্ৰা প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে । জিন্তু চেতিয়াই প্ৰযোজনা কৰা নাটকখনত বিশেষভাৱে সহায় কৰিলে বিশিষ্ট নাট্যকৰ্মী তথা "দৃশ্যপট শিৱসাগৰ"ৰ সভাপতি ড° মণি পাঠকে। নাট্যকাৰ বলীন শৰ্মাই শক্তিশালী কলমৰ মাজেদি কেইজনমান সচেতন যুৱকে সাম্প্ৰতিক সময়ত সমাজত সঘনাই চৰ্চিত কেইটামান বাস্তৱ ঘটনাৰ আধাৰত ৰচিত নাটকখনক বিশেষ নাট্যৰূপ দি দাঙি ধৰিবলৈ চেষ্টা কৰিছে । আনহাতে নাটকখন ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত সফলতাৰে মঞ্চস্থ কৰি কেইবাটাও পুৰস্কাৰ লগতে ৰাইজৰ বিপুল সঁহাৰি পাবলৈ সক্ষম হৈছে । নাটকখন কিছু সম্পাদিতৰূপত অনাতাঁৰ নাটক হিচাপে শ্ৰোতাৰ উপযোগী কৰি বিশেষকৈ যুৱচামৰ বাবে প্ৰস্তুত কৰি অসমৰ ৰাইজলৈ আগবঢ়োৱা হৈছে ৷ "উলংগ বাস্তৱ" নাটখনৰ সামগ্ৰিক পৰিকল্পনা আছিল অভিনৱ দেৱ কাশ্যপৰ । নাটকেই এনে এক গণ-মাধ্যম যিয়ে সমাজৰ সংঘটিত প্ৰতিটো সৰু-বৰ জলন্ত সমস্যা নাট্যৰূপেৰে ৰাইজৰ আগত দাঙি ধৰে আৰু ৰাইজৰ মনত এক চিন্তাৰ খোৰাক জন্মায়।‌ "উলংগ বাস্তৱ" নাটক খনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকল - কৌশিক গগৈ, প্ৰদীপ্ত প্ৰাণ ভট্টাচাৰ্য্য, অনুভৱ দত্ত, বিকাশ গোহাঁই, চিন্ময়ী শইকীয়া, ডাঃ কৃত্তিকা গগৈ, সুদীপ্ত নয়ন গগৈ ৷ শ্ৰোতাসকলে অহা ২১ নৱেম্বৰত সন্ধিয়া ৭-২০ বজাত মিডিয়াম ৱেভৰ ৫২৯.১ মি, কিলোহাৰ্টজ ৫৬৭ , এফ এমৰ ১০১.৩ মেগাহাৰ্টজ ,ডি আৰ এমৰ ৫৫৮ কিলোহাৰ্টজ আৰু নিউজ অন এ আই আৰ এপত শুনিব পাৰিব। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এই প্ৰচেষ্টা যুৱচামৰ মাজত নাট্যচৰ্চা আৰু আধুনিক অসমীয়া নাট্য আন্দোলনলৈ এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হৈছে ৷