মুৰ্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনায় বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই সমষ্টিটোত আৰম্ভ কৰিছে কৃষিকাৰ্য ৷ সেই অনুসৰি সোমবাৰে বিধায়কগৰাকীয়ে কৃষি বিভাগৰ ৰঙতি বীজ পামৰ প্ৰায় এশ বিঘা কৃষি ভুমিত কৰা ধানখেতিৰ শুভাৰম্ভ কৰে ৷ মুখ্যমন্ত্ৰীৰ নিদেৰ্শ অনুসৰি বিহপুৰীয়া সমষ্টিভিত্তিত গঠন কৰা বীৰ লাচিত সমবায় সমিতিৰ দ্বাৰা সমষ্টিটোত ধানখেতি কৰিবলৈ লোৱা প্ৰায় দুহাজাৰ বিঘা ভুমিৰ অন্তৰ্গত ৰঙতি কৃষি বীজ পামত বিধায়কগৰাকীয়ে হাতত কোৰ লৈ কৃষক বন্ধুসকলৰ সৈতে কৃষিভুমি ভুঁই ৰোৱাৰ বাবে উপযোগী কৰাত ব্যস্ত হৈ পৰে ৷ বিজেপি দলৰ শ্লগান পথাৰ আমাৰ আৰু বজাৰ আমাৰ নীতিক সাৰোগত কৰি বিধায়কগৰাকীয়ে সমষ্টিটোৰ চুকে কোনে গৈ পতিত কৃষিভুমি উন্নয়ণ আৰু কৃষি কাৰ্য কৰাত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে ৷ বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ উদ্যোগত সমষ্টিটোত কেইবাশ ভুমিত কলৰ বাগান পতাৰ উপৰিও বিভিন্ন স্থানত আগন্তুক দিনত ঋতু অনুযায়ী কৃষি কৰিব পৰাকৈ এক পৰিকল্পনা প্ৰস্তুত কৰি অসম চৰকাৰৰ ওচৰত দাখিল কৰাৰ কথা জানিবলৈ দিয়া বিধায়কগৰাকীয়ে কয় আগন্তুক অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ বাবে প্ৰয়োজনীয় সকলো কৃষিজাত সামগ্ৰী সমষ্টিটোত উৎপাদনৰ চেষ্টা কৰিব ৷ সমষ্টিটোৰ কৃষকবন্ধুসকলক উৎসাহ আৰু প্ৰেৰণা দিবৰ বাবে নিজে পথাৰত নামিছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લાખણી ડીસા હાઇવે પર ભેમાજી ગોળીયા નજીક બે પદયાત્રીઓને અડફેટે લેતાં એકનું ઘટનાસ્થળે મોત
લાખણી ડીસા હાઇવે પર ભેમાજી ગોળીયા નજીક બે પદયાત્રીઓને અડફેટે લેતાં એકનું ઘટનાસ્થળે મોત
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাৰ
बोंबला ! न्यायालयाच्या परिसरातून चक्क वकीलाचीच मोटार सायकल पळविली
केज :- जिल्ह्यात मोटार सायकल आणि वाहन चोरीच्या घटना वाढल्या असून चोर एवढे निर्ढावले आहेत की,...
ભરૂચમાં તૂટી ગયેલી કોંગ્રેસે 'ભીડ'બતાવવા ખેલ્યો નવો દાવ પણ સત્યડેની તપાસમાં ફૂટયો પરપોટો !
ભરૂચમાં તૂટી ગયેલી કોંગ્રેસે 'ભીડ'બતાવવા ખેલ્યો નવો દાવ પણ સત્યડેની તપાસમાં ફૂટયો પરપોટો !