মুৰ্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনায় বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই সমষ্টিটোত আৰম্ভ কৰিছে কৃষিকাৰ্য ৷ সেই অনুসৰি সোমবাৰে বিধায়কগৰাকীয়ে কৃষি বিভাগৰ ৰঙতি বীজ পামৰ প্ৰায় এশ বিঘা কৃষি ভুমিত কৰা ধানখেতিৰ শুভাৰম্ভ কৰে ৷ মুখ্যমন্ত্ৰীৰ নিদেৰ্শ অনুসৰি বিহপুৰীয়া সমষ্টিভিত্তিত গঠন কৰা বীৰ লাচিত সমবায় সমিতিৰ দ্বাৰা সমষ্টিটোত ধানখেতি কৰিবলৈ লোৱা প্ৰায় দুহাজাৰ বিঘা ভুমিৰ অন্তৰ্গত ৰঙতি কৃষি বীজ পামত বিধায়কগৰাকীয়ে হাতত কোৰ লৈ কৃষক বন্ধুসকলৰ সৈতে কৃষিভুমি ভুঁই ৰোৱাৰ বাবে উপযোগী কৰাত ব্যস্ত হৈ পৰে ৷ বিজেপি দলৰ শ্লগান পথাৰ আমাৰ আৰু বজাৰ আমাৰ নীতিক সাৰোগত কৰি বিধায়কগৰাকীয়ে সমষ্টিটোৰ চুকে কোনে গৈ পতিত কৃষিভুমি উন্নয়ণ আৰু কৃষি কাৰ্য কৰাত অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে ৷ বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ উদ্যোগত সমষ্টিটোত কেইবাশ ভুমিত কলৰ বাগান পতাৰ উপৰিও বিভিন্ন স্থানত আগন্তুক দিনত ঋতু অনুযায়ী কৃষি কৰিব পৰাকৈ এক পৰিকল্পনা প্ৰস্তুত কৰি অসম চৰকাৰৰ ওচৰত দাখিল কৰাৰ কথা জানিবলৈ দিয়া বিধায়কগৰাকীয়ে কয় আগন্তুক অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ বাবে প্ৰয়োজনীয় সকলো কৃষিজাত সামগ্ৰী সমষ্টিটোত উৎপাদনৰ চেষ্টা কৰিব ৷ সমষ্টিটোৰ কৃষকবন্ধুসকলক উৎসাহ আৰু প্ৰেৰণা দিবৰ বাবে নিজে পথাৰত নামিছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હડાદ ખાતે સિદ્ધેશ્વર મહાદેવ મંદિર ખાતે મહોત્સવ ઉજવાયો
બનાસકાંઠાના દાંતા તાલુકાના હડાદ ગામે આજે મહાશિવરાત્રીના દિવસે જોવા મળી મંદિરોમાં ભીડ
...
Manipur: मणिपुर में हथियार और गोला बारूद के तीन कार्टन बरामद, तीन लोग गिरफ्तार
मणिपुर में रात सेना ने भारी मात्रा में हथियार बरामद किए हैं। दरअसल, मंगलवार की रात सेनापति जिले...
Eknath Shinde आज Uddhav Thackeray यांना जोरदार दणका देणार? मोठा नेता शिंदे गटात प्रवेश करणार
Eknath Shinde आज Uddhav Thackeray यांना जोरदार दणका देणार? मोठा नेता शिंदे गटात प्रवेश करणार
বৰহাটৰ বৰপথাৰ গাঁৱৰ সৰুপথাৰ চোকৰ খেতিয়কৰ মাজত হাহাকাৰ,৪০বিঘা ধান খেতিত চহা পোকৰ উপদ্ৰপত অনিষ্ট
বৰহাটৰ বৰপথাৰ গাঁৱৰ সৰুপথাৰ চোকৰ খেতিয়কৰ মাজত হাহাকাৰ,৪০বিঘা ধান খেতিত চহা পোকৰ উপদ্ৰপত...
Abdullahs, Muftis exploited J&K people for decades under the garb of Article 370 : Chugh
BJP General Secretary Tarun Chug on Wednesday said that the Supreme Court is the guardian of the...