টাইপাৰ ষষ্ঠ তম্ কেন্দ্ৰীয় চৰাইদেউ অধিৱেশনৰ কাৰ্যালয় মুকলি।

 আহোম জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে সংগ্ৰাম অব্যাহত ৰখা অন্যতম বলিষ্ঠ সংগঠনটোৱেই হ'ল টাই আহোম যুৱ পৰিষদ অসম। ৩০ টা বৰ্ষ গৰকা বলিষ্ঠ সংগ্ৰামী সংগঠনটোৱে জন্ম লগ্নৰেপৰা জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত মাত মাতি আহিছে। টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবী জনোৱাৰ লগতে জনগোষ্ঠীটোক কিদৰে বৌদ্ধিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি প্ৰতিটো দিশতে আগবঢ়ায় লৈ যাব পাৰি তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে টাইপাই। বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে সংগ্ৰাম অব্যাহত ৰখা টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ ষষ্ঠ তম্ ষষ্ঠতম কেন্দ্ৰীয় চৰাইদেউ অধিৱেশনখন অহা ৩ , ৪ আৰু ৫ জানুৱাৰীত সোণাৰিৰ ভজো বগৰীগুৰিত অনুষ্ঠিত হ'ব। অধিৱেশনৰ সামগ্ৰিক দিশটো পৰিচালনা কৰিবলৈ আজি উদযাপন সমিতিৰ এটা কাৰ্যালয় মুকলি কৰা হয়। টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, কাৰ্যকৰী সভাপতি অনন্ত ফুকন আৰু সাধাৰণ সম্পাদক ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁইয়ে সংগঠনটোৰ বহু কেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া তথা জিলা সমিতিৰ নেতা-কৰ্মীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্যলয়টো। টাই আহোম যুৱ পৰিষদ, অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অধিৱেশন খন। টাই আহোম জনগোষ্ঠীৰ বৌদ্ধিক তথা সাংস্কৃতিক বিষয়সমূহৰ বিষয়ে সবিস্তাৰে আলোচনা কৰা হব অধিৱেশনত।