শিৱসাগৰঃ শিৱসাগৰত উদ্‌যাপন কৰা হয় ভাষা গৌৰৱ সপ্তাহ ৷ অসম চৰকাৰে অসমীয়া ভাষাই ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ আনন্দ উদ্‌যাপনৰ বাবে যোৱা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰ ২০২৪ লৈ ভাষা গৌৰৱ সপ্তাহ পালনৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাতো ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ বৰেণ্য সাহিত্যিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অনুষ্ঠান আয়োজন কৰা হয় । উল্লেখ যে, ভাষা গৌৰৱ সপ্তাহৰ প্ৰথম দিনটোতেই শিৱসাগৰ জিলাৰ যুৱদল প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হৈ যায় । জিলা প্ৰশাসনৰ ভাষা গৌৰৱ সপ্তাহৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে শিৱসাগৰৰ বিশিষ্ট নাট পৰিচালক আৰু সাহিত্যিক প্ৰশান্ত শৰ্মা, বিশিষ্ট অতিথি হিচাপে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী ড° মায়াশ্ৰী গোস্বামী, জিলা আয়ুক্ত আয়ুস গাৰ্গ, নিমন্ত্ৰিত অতিথিৰূপে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্ত, বিশিষ্ট কবি প্ৰেম গগৈ, শিৱসাগৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ লগতে শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰায়ে অংশগ্ৰহণ কৰে ৷ সভাৰ আৰম্ভণিতেই ধ্রুপদী ভাষাৰ স্বীকৃতিৰ বাবে প্রধানমন্ত্রীলৈ কৃতজ্ঞতাসূচক পত্ৰ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ মুখ্য অতিথিৰ ভাষণত প্ৰশান্ত শৰ্মাই অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ, ধ্রুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ লাভ, ইউনিক ক’ডত থকা আসোঁৱাহ দূৰ কৰাত ধ্রুপদী ভাষাৰ ভূমিকা, অসমীয়া ভাষাৰ পটভূমি, ধ্রুপদী ভাষাৰ সম্ভাৱনা, ভৱিষ্যত, মৰ্যদা আৰু ধ্রুপদী ভাষাটোক আগুৱাই নিয়াত অসমীয়া ৰাইজৰ কৰণীয় সম্পৰ্কে বিশদ বক্তৃতা প্ৰদান কৰে ৷ এই সভাত বিশিষ্ট অতিথি ড° মায়াশ্ৰী গোস্বামীয়ে অসমীয়া ভাষাৰ ব্যাকৰণ শুদ্ধ উচ্ছাৰণৰ ওপৰত আলোকপাত কৰে ৷ উক্ত সভাখন সূচাৰুৰূপে পৰিচালনা কৰে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰুমিন বৰুৱাই ৷