সোণাৰিত ৩০ বছৰ ধৰি শিক্ষকতা কৰা শিক্ষক আজিও বঞ্চিত চৰকাৰী সুবিধাৰ পৰা।

চফ্ৰাইত শিক্ষক-কৰ্মচাৰীৰ অনিৰ্দিষ্ট কালীন ধৰ্মঘট কাৰ্যসূচী । শীঘ্ৰেই সমস্যা সমাধান নকৰিলে আত্মজাহৰ হুংকাৰ কৰ্মৰত শিক্ষকৰ। 

সোণাৰি,৪ নৱে ম্বৰ  চৰাইদেউ জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চফ্ৰাই আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলে আৰম্ভ কৰা অনিৰ্দিষ্ট কালীন শ্ৰেণী বৰ্জন আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে এসপ্তাহ অতিক্ৰম কৰিলে যদিও প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে সমাধান সূত্ৰ আগবঢ়াব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে। মন কৰিব লগীয়া যে, বিদ্যালয় খন আজি এটা বছৰ পূৰ্বে প্ৰাদেশীকৰণ হোৱা বুলি ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। কিন্তু লক্ষণীয় ভাৱে বিদ্যালয় খনৰ কৰ্মৰত শিক্ষক সকলৰ সমস্যাসমূহ সমাধান নকৰি নতুনকৈ এগৰাকী প্ৰধান শিক্ষক সহ আঠ গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ বিষয়ে প্ৰকাশ কৰে। ফলত অসন্তুষ্ট হৈ পৰিছে ৩০ বছৰ ধৰি অপ্ৰাদেশীকৃত শিক্ষকসকল।যাৰ ফলত কৰ্মৰত শিক্ষক সকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছে। কার্যসূচীত স্থানীয় বিভিন্ন দল সংগঠন, প্ৰাক্তন ছাত্ৰ আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি শীঘ্ৰেই সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে।