সোণাৰিত ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠান।

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পাছতেই আজিৰেপৰা ৰাজ্যজুৰি আৰম্ভ হ'ল ভাষা গৌৰৱ সপ্তাহ। আজি সোণাৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় চৰাইদেউ জিলাৰ উদ্বোধনী অনুষ্ঠানৰ। অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন মুখ্য অতিথি হিচাপে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত ভাষা-সাহিত্যৰ চৰ্চা অব্যাহত ৰখা চৰাইদেউ জিলাৰ ২২ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। জিলা আয়ুক্ত নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজে অংশগ্ৰহণ কৰে।