আজি দ্বিতীয় দিনাও শুংসূত্ৰ নাই দুৰ্ধৰ্ষ অপৰাধী গেৰজাই ওৰফে ৰাজু বৰুৱা লগতে ঢকুৱাখনাৰ হুজগাঁৱৰ-সুন্তি দাসৰ ৷

যোৱা কালি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰিবলৈ অনা সময়তে নিৰাপত্তা ব্যৱস্থাৰ ফুপোলা স্বৰূপ উদঙাই পলায়ন কৰিছিল দুধৰ্ষ অপৰাধী ক্ৰমে ঢকুৱাখনাৰ গেৰজাই বৰুৱা ( ৰাজু ), যতীন তামুলী আৰু শোন্তি দাস ।

সাধাৰণ পঞ্জীয়ন নং- ৭৫/২০২১ , ১০৬/২০২১ ,২৬৩/২০২১ গোচৰৰ হাজোতী গেৰজাই বৰুৱা , ১০৬/২০২১ গোচৰৰ  হাজোতী সোনটি দাস আৰু পি আৰ চি ১৯৪/২০২২ গোচৰৰ হাজোতী যতীন তামুলী এই তিনিওজনক মঙ্গলবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতৰ ন্যায়িক জিম্মাত  হাজিৰ কৰিবলৈ বুলি আনি ন্যায়িক আদালতৰ  ভিতৰৰ লকাপত ৰাখিছিল আৰু অৱশেষত লকাপৰ পৰাই পলায়ন কৰিছিল আটাইকেইটা ৷ 

ইপিনে আৰক্ষী আৰু বান্তৌ গাৱঁৰ একাংশ ৰাইজৰ সহযোগত যোৱা কালি এজন অপৰাধী ক্ৰমে বৰদৈবামৰ যতীন তামুলীক বান্তৌ পথাৰৰ মাজৰ পৰা কৰায়ত্ত কৰিছে যদিও আন দুজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই অসম আৰক্ষীয়ে। 

আদালতৰ লকাপৰ ভিতৰত থকা লেটিনৰ ভিতৰৰ খিৰিকীৰ গীল, গ্লাছ ভাঙি পলায়ন কৰিছিল গেৰজাই লগত দুয়োজন অপৰাধী ৷

ঢকুৱাখনা আৰক্ষীয়ে পুনৰ গেলজাইসহ ঢকুৱাখনাৰ হুজগাঁৱৰ-সুন্তি দাসৰ বিচাৰি জোৰদাৰ অভিযান আৰম্ভ কৰিছে। 

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে লখিমপুৰ আৰক্ষীৰ সোপাধিলা স্বৰূপ উন্মোচিত হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে।