শিৱসাগৰঃ-- শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান হিচাপে পৰিচিত "শিৱসাগৰ যুৱদল" ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা ২৭ অক্টোবৰত অসমৰ বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী" সন্ধিয়া ৬ বজাত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব । উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ যুৱদলত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷ উল্লেখ যে, যোৱা ৩ অক্টোবৰত বিশিষ্ট অভিনেতা হেম বৰুৱাই বন্তি প্ৰজ্বলন কৰি নাটকৰ আখৰা শিৱিৰ মুকলি কৰে আৰু সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰাপক বিশিষ্ট শিল্পী মাখন বৰাই নাট পৰিচালকক নাটখনি অৰ্পণ কৰে । "আৰক্ষী চকী" নাটকখনৰ নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰে সাম্প্ৰতিক কালৰ কিছুমান সত্য আৰু বাস্তৱ ঘটনাৰ আলম লৈ নাট্যৰূপত উপস্থাপন কৰিছে বুলি জানিব পৰা গৈছে ৷ "আৰক্ষী চকী" নামৰ এই নাটকত অভিনয় কৰিছে অসমৰ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ বেজবৰুৱা, পৰিচালক তথা সুদক্ষ অভিনেতা দেৱব্ৰত বৰঠাকুৰ, ৰিপুঞ্জিত হাজৰিকা, গৌতম দত্ত ফুকন, হেমন্ত ভূঞা, অনুপ ভট্টাচাৰ্য্য, জীৱন দে’, হেম বৰুৱা, ড° প্ৰদীপ গগৈ, বন্দনা শইকীয়া, যদুমণি বড়ায়ে ৷ লগতে প্ৰধান শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ বিশিষ্ট নাট্যকাৰ ড° মণি পাঠকে। হাঁহি - কান্দোনেৰে ভৰপূৰ "আৰক্ষী চকী" নাটকখনে দৰ্শকৰ মনত এক চিন্তাৰ খোৰাক জন্মাবলৈ সক্ষম হ'ব বুলি ক'ব পাৰি। আনহাতে নাটকখনৰ মঞ্চ সজ্জা, কলা নিৰ্দেশক আৰু আৱহ সংগীত পৰিচালনা কৰিব অভিনৱ দেৱ কাশ্যপ আৰু ফৰিদ আক্তাৰ খানে । শিৱসাগৰ যুৱদলৰ সভাপতি পূৰ্ণকান্ত বৰা আৰু সাধাৰণ সম্পাদক অৰ্ণৱ ৰঞ্জন চাংমাই তথা শিৱসাগৰ যুৱদলৰ বিষয়ববীয়াই হাতত লোৱা এনেধৰণৰ পদক্ষেপ সঁচাই শলাগনীয় আৰু আধুনিক অসমীয়া নাট্য আন্দোলনৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ হৈ ৰ’ব বুলি নাট্যপ্ৰেমী ৰাইজে মত প্ৰকাশ কৰিছে ৷